ইম্ফল 

২৯ জুলাই

স্তৰমাই টিভি এক যুৱকেন্দ্ৰীক অনলাইন ভিডিও শ্বেয়াৰিং আৰু লাইভ স্ত্ৰীমিং মঞ্চ, যিয়ে পূৰ্বত্তৰ ক্ষেত্ৰখনত ফেশ্যন, জীৱনশৈলী, মনোৰঞ্জন, খেল, ফিটনেছ, স্বাস্থ্যসেৱা, সংগীত আৰু অন্য সেৱাৰ প্ৰতি আকৰ্ষিত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যক্ৰম আৰম্ভ কৰিছে, যাক বাংগালুৰু আৰু দিল্লীত থকা পূৰ্বত্তৰৰ ছাত্ৰ গোটৰদ্বাৰা ইয়াৰ অখণ্ডতা আৰু সামগ্ৰীৰ কাৰণে বদনাম কৰা হৈছে বুলি অভিযোগ কৰিছে স্তৰমাই টিভিৰ সংস্থাপক আৰু নিৰ্দেশক, কুলদ্বীপ ভয়ানাই।

স্তৰমাই টিভিএ অলপতে ইনষ্টাগ্ৰাম আৰু নিজৰ ৱেবছাইটৰ মাধ্যমৰে অনলাইন অডিচন ৰয় চেল্ফি প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। কিন্তু স্তৰমাই টিভিৰ ওপৰত মিছা আৰোপ লগোৱা হৈছে যে স্তৰমাই টিভিএ অনুচিত লাভৰ কাৰণে কাম কৰে আৰু যুৱতী সকলক বিপদত পেলাই, নৈতিক কাম কৰিবলৈ জোৰ দিয়ে। স্তৰমাই টিভিৰ সংস্থাপক আৰু নিৰ্দেশক কুলদ্বীপ ভয়ানাই এই ক্ষেত্ৰত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, যে, “বাস্তৱতে এইটো দুৰ্ভাগ্যজনক যে মানুহে আমাৰ কাৰ্যক ভুল পথৰে চাইছে, এই আৰোপ সম্পূৰ্ণৰূপে মিছা আৰু আমি প্ৰথমবাৰ তেওঁলোকক আমাৰ নাম আঁতৰাবলৈ কলো কিন্তু তেওঁলোকে তেনেকুৱা নকৰিলে, সেইবাবেই আমি ন্যায়িক প্ৰক্ৰিয়াৰ সহায় লম”। তেওঁ আৰু কয় যে, “এই সংগঠনসমূহৰ ভিতৰত কোনেও আমাৰ স্পষ্টীকৰণৰ কাৰণে আমাৰ ওচৰ চপা নাই। আমি এইটো আশ্বাস দিব পাৰো যে আমাৰ এই মঞ্চই কেতিয়াও কোনো ধৰণৰ অবৈধ কাৰ্যৰ কাৰণে কোনো প্ৰতিযোগীৰ বিৱৰণ ব্যৱহাৰৰ নকৰে। কিছুমান কুখ্যাত ব্যক্তি আৰু সংগঠনে ব্যক্তিগত স্বাৰ্থ আৰু ব্যক্তিগত শত্ৰুতাৰ বাবে ভুৱা বাতৰি প্ৰচাৰৰ চেষ্টা কৰিছে আৰু ইণ্টাৰনেটত কিছুমান অন্য লিংকৰ লগত স্তৰমাই টিভিৰ লিংক লগাবলৈ চেষ্টা কৰিছে যাৰ লগত স্তৰমাই টিভিৰ বা ইয়াৰ কোনো সদস্য প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে জড়িত নহয়। আমি সামাজিক মাধ্যম আৰু অন্য মাধ্যমৰ জৰিয়তে আইনী প্ৰক্ৰিয়াৰ কিমানদূৰ আগবাঢ়িছে সেই বিষয়ে সকলোকে জনাই থাকিম।

স্তৰমাই টিভি চলিত বর্ষৰ জুন মাহত আৰম্ভ কৰা হৈছিল আৰু অতি কম সময়ৰ ভিতৰতে স্তৰমাই টিভি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ ভাৰতত জনপ্ৰিয় হৈছে আৰু যুৱপ্ৰজন্মৰ মাজত গুঞ্জৰি উঠিছে বুলিও জানিবলৈ দিয়ে স্তৰমাই টিভিৰ সংস্থাপক আৰু নিৰ্দেশক কুলদ্বীপ ভয়ানাই।