শিৱসাগৰ 

১৯ জানুৱাৰী

জেৰেঙা পথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মঙলাবাৰে বিয়লিৰ ভাগত জেৰেঙা পথাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পৰ্যবেক্ষণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া সভাস্থলী। মুখ্যমন্ত্ৰীক সংগ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ লগতে মন্ত্ৰী যোগেন মহন, সাংসদ কামাখ্যা প্ৰসাদ তাছা।

অহা ২৩ জানুৱাৰীত অসম ভ্ৰমণলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ দুদিনীয়া অসম ভ্ৰমণ কাৰ্যসূচীৰ সময়ছোৱাত ২৩ জানুৱাৰীত উপস্থিত থাকিব শিৱসাগৰ জিলাত। জিলাখনৰ ঐতিহাসিক জেৰেঙা পথাৰত প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব এক বিশাল জনসভাত। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণকলৈ ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ নেতা-কর্মী সকল ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈ পৰিছে। ব্যস্ততাৰ অন্ত নাই আৰক্ষী-প্ৰশাসনৰ। দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া জেৰেঙা পথাৰৰ সভাস্থলী দিনে-নিশাই চলিছে যুদ্ধকালীন প্ৰস্তুতি। শিৱসাগৰৰ ঐতিহাসিক জেৰেঙা পথাৰত অহা ২৩ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনাবলৈ বিজেপি নেতা কর্মী সকলে কি দৰে প্ৰস্তুতি চলাই আছে ইয়াৰে পৰ্যবেক্ষণ কৰিবলৈ মঙলাবাৰে বিয়লিৰ ভাগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় জেৰেঙা পথাৰত। প্ৰধানমন্ত্ৰীৰ ভ্ৰমনকলৈ জেৰেঙা পথাৰত নিৰ্মাণ কৰা হৈছে বিশাল মঞ্চ আৰু মাণ্ডপ।

জেৰেঙা পথাৰৰ বিশাল মঞ্চৰ পৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল জনসভাক সম্বোধন কৰি ৰাজ্যৰ এক লাখ লোকক ভূমি পাট্টা প্ৰদানৰ শুভাৰম্ভ কৰিব।মঙলবাৰে বিয়লি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ লগতে জেৰেঙা পথাৰৰ সভাস্থলীত পৰ্যবেক্ষণ কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী যোগেন মহন, সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি চৰকাৰী শীৰ্ষ বিষয়াই।