গুৱাহাটী, ১০ নৱেম্বৰঃ ‘‘দুবাৰকৈ সাংসদ হৈ আজিলৈকে মই দৰমহা হিচাপে এটকাও লোৱা নাই’’ – ভাৰতীয় জনতা পাৰ্টীৰ যুৱ সাংসদ বৰুণ গান্ধী আজি গুৱাহাটীৰ এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে৷ স্বেচ্ছাসেৱী সংগঠন ব্যতিক্ৰমৰ উদ্যোগত আয়োজিত “Bharat Nav Nirmaan Ke Liye Nayi Soch” শীৰ্ষক এক আলোচনা চক্ৰত অংশগ্ৰহণ কৰি যুৱ সাংসদ বৰুণ গান্ধীয়ে নিজৰ ৮ বছৰীয়া সাংসদীয় কাৰ্যকালৰ অভিজ্ঞতা সম্পৰ্কে ভাষণ প্ৰদান কৰে৷ ভাষণ প্ৰসংগত বৰুণ গান্ধীয়ে ভাৰতবৰ্ষত বহুত মেধা সম্পন্ন যুৱক আছে বুলি মত পোষণ কৰে৷ এই যুৱ প্ৰজন্মক সঠিক স্থানত সুযোগ প্ৰদান কৰিলে ভাৰতবৰ্ষ বিভিন্ন পৰ্যায়ত বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি কয়৷ ব্যতিক্ৰমৰ প্ৰতিষ্ঠাপক তথা হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেবে আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানখনত অসম বিভিন্ন পৰ্য্যায়ৰ কেইজনো সফল ব্যক্তিক সম্ভৰ্ধনা জনোৱা হয়৷ অসমৰ যুৱ প্ৰজন্মক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত যিকোনো প্ৰকাৰৰ সহায়ৰ ক্ষেত্ৰত কেৱল মাত্ৰ ফেচবুক অথবা টুইটাৰ যোগে এটা খবৰ দিলেই সকলো প্ৰকাৰৰ সহায় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে বিজেপিৰ যুৱ সাংসদ বৰুণ গান্ধীয়ে৷ অনুষ্ঠানত গুৱাহাটী মহানগৰৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসমৰ বিভিন্ন প্ৰন্তাৰ পৰা বহুত যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰে৷ অসমৰ উদীয়মান গায়ক সেমন্ত শেখৰৰ গীতেৰে অনুষ্ঠানৰ সামৰণী পৰে৷