শিমলুগুৰি, নৱেম্বৰ ১০: সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থাই এক প্ৰেছ বিবৃতিযোগে জনাইছে যে, আদিবাসী চাহ জনগোষ্ঠী তথা অসমীয়াৰ ওপৰত অনা অসমীয়া আৰু নগা উগ্ৰপন্থীকে ধৰি চলাই অহা নিৰ্যাতন, ছোটনাগপুৰী ছাত্ৰ সন্মিলনৰ জন্মদাতা লগতে সংগ্ৰামী ছাত্ৰ নেতা প্ৰয়াত সন্তোষ কুমাৰ তপ্নৰ প্ৰতিমূৰ্ত্তিক অপমান কৰা কাৰ্য্যৰ দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ, চাহ শ্ৰমিকৰ ৩৫০ টকা হাজিৰা বৃদ্ধিৰ দাবীত, বিগত সময়ছোৱাৰ পৰা আজি পৰ্যন্ত আদিবাসী চাহ জনজাতিক চৰকাৰী ভাৱে দি অহা চৰকাৰী আবাস গৃহৰ তালিকা বিচাৰি, চাহ জনগোষ্ঠী আদিবাসীক সীমান্তৱৰ্তী অঞ্চলত নিৰাপত্তা দিয়া, আদিবাসী চাহ জনগোষ্ঠীৰ সুকীয়াকৈ ৰেজিমেণ্ট বিচাৰি আৰু আদিবাসী চাহ জনগোষ্ঠী স্বায়ত্ব শাসনৰ দাবীত আদিবাসী তথা চাহ জনজাতি আৰু চাহ জনগোষ্ঠীৰ নামেৰে কৰা প্ৰতিটো দল সংগঠনৰ সহযোগিতা কামনা কৰি সদৌ আদিবাসী চাহ জনজাতি জাগৰণ সন্থা চমুকৈ আটজাই অহা ১২ আৰু ১৩ নৱেম্বৰ তাৰিখে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৪৮ ঘণ্টীয়া অসম বন্ধ কাৰ্যসূচী ঘোষণা কৰিছে।