কলগাছিয়া, নৱেম্বৰ ১১: বৰপেটা জিলাৰ ৰূপসী শিক্ষা খণ্ডৰ অন্তৰ্গত ৮৭২ নং তিতপানী প্ৰাথমিক বিদ্যালয়ত পুৱা ১০ বজাতো বিদ্যালয়ত উপস্থিত হোৱা নাই শিক্ষক৷ শ্ৰেণী বাদ দি বাহিৰত খেল-ধেমালিত ব্যস্ত কণ কণ ছাত্র-ছাত্ৰী৷ প্ৰাপ্ত তথ্য মতে, এই বিদ্যালয়খনত তিনিজনকৈ শিক্ষক নিয়োজিত হৈ আছে যদিও তেওঁলোক উপস্থিত নাথাকে বিদ্যালয়ত। যাৰ বাবে পৰিচালনা সমিতিয়ে নিয়োগ কৰিছে দুজন ভাড়াতীয়া শিক্ষক। দৰমহা এওঁলোকৰ ছাত্র-ছাত্ৰীৰ বাবে আৱণ্টিত মধ্যাহ্ন ভোজনৰ চাউল। যোগ্যতাহীন এনে শিক্ষক নিয়োগ কৰি ঘৰত বহি দৰমহা ভোগ কৰি আছে প্ৰধান শিক্ষক মুনিন্দ্ৰ দেৱ গোস্বামী, সহকাৰী শিক্ষক নিশা দত্ত আৰু হেমলতা চৌধুৰী। অভিযোগ অনুসৰি, বিদ্যালয়খনত শিক্ষক উপস্থিত নথকাৰ বাবে একাংশ ছাত্র-ছাত্ৰীয়ে  বিদ্যালয় এৰি দিয়াৰ লগতে আন একাংশ ছাত্র-ছাত্ৰীয়ে অন্য বিদ্যালয়লৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে। আনহাতে একে খণ্ডৰে ১৭৮৫ নং দক্ষিণ ক্ষুদ্ৰকুছি প্ৰাথমিক বিদ্যালয়তো অনুৰূপ ঘটনা সংঘটিত হোৱাৰ বাবে প্ৰায় ছাত্র-ছাত্ৰীৰ সংখ্যা শূন্য হৈ পৰিছে বিদ্যালয়খনত। এই বিদ্যালয়খনত প্ৰধান শিক্ষক মোস্তফা কামালৰ লগতে নিয়োজিত হৈ আছে আন দুগৰাকীকৈ টেট শিক্ষয়িত্ৰী। বৰ্তমান মাত্ৰ ১০ জন ছাত্র-ছাত্ৰীৰে চলিছে এইখন বিদ্যালয়। উল্লেখযোগ্য যে, এসময়ত ছাত্র-ছাত্ৰীৰ গীজগিজাই থকা এই বিদ্যালয়সমুহ একমাত্ৰ টেট শিক্ষকৰ কৰ্তব্যত গাফিলতিৰ বাবেই বন্ধ হোৱাৰ উপক্ৰম হৈছে এই বিদ্যালয়সমূহ। এয়াই বৰ্তমান ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা ব্যৱস্থা। অভিভাৱকসকলে প্ৰশ্ন উত্থাপন কৰিছে যে, গুণোৎসৱৰ জৰিয়তে এনেকৈয়ে সংস্কাৰ কৰিলে নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?