ৰঙিয়া, সংবাদ ৩৬৫, ১৪ মেঃ ৰঙিয়া ৰে’ল জংচনত ৰে’ল আৰক্ষীৰ সোমবাৰে নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছৰ পৰা ব্ৰাউন চুগাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দিল্লীৰ ছিলামপুৰৰ বাসিন্দা মহম্মদ ওচমান খান নামৰ যাত্ৰীজনৰ কবলৰ পৰা ৰে’ল আৰক্ষীয়ে ব্ৰাউন চুগাৰ খিনি উদ্ধাৰ কৰে। উল্লেখ্য যে সোমবাৰে পুৱাৰ ভাগত নামনিমুৱা নৰ্থ ইষ্ট এক্সপ্ৰেছ ৰে’ল গাড়ীখন ৰঙিয়া জংচনত আহি পোৱাৰ পিছত ৰঙিয়া ৰেল আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত তালাচী চলাই মহম্মদ ওচমান খান নামৰ ৰে’ল যাত্ৰী জনৰ কবলৰ পৰা ১ কেজি ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে। মহম্মদ ওচমান খানে ব্ৰাউন চুগাৰ খিনি দুটা পেকেট কৰি আঠুত বান্ধি আনিছিল। উদ্ধাৰ হোৱা ব্ৰাউন চুগাৰ খিনিৰ বজাৰ মূল্য কেইবা লক্ষাধিক বুলি জানিব পৰা গৈছে। জানিব পৰা মতে গুৱাহাটীৰ পল্টন বজাৰৰ পৰা ওচমান খানে ব্ৰাউন চুগাৰ খিনি লৈ আহিছিল। আৰক্ষীয়ে অধিক তথ্যৰ বাবে লোক জনক জেৰা অব্যহত ৰাখিছে।