শিবেন্দু বৰা
জুৰীয়া
১৩ জুলাই

উজনিৰ পৰা নামনিলৈকে বানৰ তাণ্ডৱ। বানৰ পানীত ককবকাইছে ৰাজ্যৰ লাখ লাখ মানুহ। মানুহৰ লগতে বলীয়া বানে সংকট কঢ়িয়াই আনিছে বন্যপ্ৰাণী সমূহলৈও। বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী সমূহে নিৰাপদ স্থানলৈ ঢাপলি মেলাৰ মাজতে বলীয়া বানে অধিক সমস্যাৰ সৃষ্টি কৰিছে লাওখোৱা অভয়াৰণ্যৰ বনৰীয়া জীৱ জন্তু সমূহৰ বাবেও।

এফালে কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস, আনফালে ৰাজ্যত সংহাৰী ৰূপ ধাৰণ কৰিছে বানপানীয়ে। উজনি-নামনিৰ বিস্তীৰ্ণ এলেকা এতিয়া বাঢ়নী পানীৰ তলত। বানৰ সংহাৰী ৰূপৰ পৰা ৰক্ষা পৰা নাই বন্যপ্ৰাণী সমূহো। নগাঁও জিলাৰ লাওখোৱা অভয়াৰন্যত বলীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰি প্লাৱিত কৰি পেলাইছে সম্পূৰ্ন লাওখোৱা অভয়াৰণ্য। অভয়াৰণ্যখনত থকা জীৱ-জন্তু সমূহে বানপানীৰ সময়ত আশ্ৰয় লোৱা পলাশতলি এলেকাৰ ওখ ভেটি সমূহো সম্পূৰ্ণ পানীৰ তলত ডুব যোৱাত লাওখোৱা অভয়ৰণ্যৰ বন্যপ্ৰাণী সমূহ নিৰাপদ স্থানৰ অভাৱত পৰিছে। উপায়ন্তৰ হৈ বন্যপ্ৰাণী সমূহে আশ্ৰয় বিচাৰি গভীৰ অৰণ্যৰ ভিতৰলৈ গমন কৰিছে। আনফালে অঞ্চলটোৰ ৭ খন ৰাজহ গাঁও সম্পূৰ্ণৰূপে বাঢ়নী পানীৰ তলত ডুব যোৱাত নিৰাপদ আশ্ৰয় বিচাৰি মথাউৰিত আশ্ৰয় লবলৈ বাধ্য হৈছে শতাধিক পৰিয়াল।

বানপানীৰ ফলত অঞ্চলটোৰ বাট-পথ সমূহ পানীৰ তলত ডুব যোৱাত যাতায়তৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছে বানাক্ৰান্ত লোক সকল। ফলত ভিতৰতো অঞ্চল সমূহত বাঢ়নী পানীৰ মাজত আৱদ্ধ হৈ পৰা লোক সকলক টুলুঙা নাৱেৰে উদ্ধাৰ কৰিব লগা হৈছে। মানুহৰ সমান্তৰালে হাজাৰ হাজাৰ পশুধন জীয়াতো ভূগিবা লগা হৈছে পানীৰ মাজত। জীৱন বচোৱাৰ আপ্ৰাণ চেষ্টা চলাইছে সকলোৱে। এতিয়াও চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা অঞ্চলটোত বানাক্ৰান্ত ৰাইজক উদ্ধাৰ কৰাৰ বাবে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত কৰি আতংকিত হৈ পৰিছে বানাক্ৰান্ত ৰাইজ।