গুৱাহাটী

১২ জুলাই

ৰাজ্যত ভয়াবহ ৰূপ ধাৰণ কৰিছে বানপৰিস্থিতিয়ে। উজনিৰ পৰা নামনিলৈকে চলিছে বানৰ তাণ্ডৱ। ৰাজ্যৰ শেহতীয়া বানপৰিস্থিতিৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰিলে ৰাজ্যৰ শেহতীয়া বানপৰিস্থিতিৰ।

কৰ’ণা ভাইৰাছৰ তাণ্ডৱ সমান্তৰালে ৰাজ্যত চলিছে বানৰ তাণ্ডৱ। ৰাজ্যৰ ২১ খনকৈ জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বাঢ়নী পানীৰ তলত। দেওবাৰে ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত জলসম্পদ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত এক বৈঠকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ শেহতীয়া বানপৰিস্থিতিৰ বুজ ল’লে। বৈঠক মুখ্যমন্ত্ৰী গৰাকীয়ে জিলাৰ দায়িত্বত থকা মন্ত্ৰী সকলক বানাক্ৰান্ত ৰাইজৰ ওচৰলৈ গৈ বানপানীৰ ফলত সংঘটিত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ উপৰি সাহায্য তথা উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলাৰ দিশত ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে সাংসদ তথা বিধায়ক সকলকো নিজৰ এলেকাৰ বানপানীৰ ফলত ক্ষতিগ্ৰস্ত ৰাইজৰ বুজ লোৱাৰ নিৰ্দেশ দিয়ে। লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মাথাউৰি সমূহ যুদ্ধকালীনভাৱে মেৰামতিৰ বাবে পদক্ষেপ লোৱাৰ বাবে জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। তদুপৰি বিপদ সংকুল মাথাউৰি সমূহ পৰ্যবেক্ষণ কৰি তাৎক্ষণিক মেৰামতিৰ পদক্ষেপ লোৱাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে। ৰাজ্যৰ বানাক্ৰান্ত জিলা সমূহৰ উপযুক্তসকলক সাহায্য আৰু উদ্ধাৰ অভিযানত এছ ডি আৰ এফ আৰু এন ডি আৰ এফ বাহিনীক নিয়োজিত কৰাৰ বাবেও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৈঠকত নিৰ্দেশ প্ৰদান কৰে।

বৰ্তমান ৰাজ্যৰ ২৪ খন জিলাৰ ২,০১৫ খন গাঁৱৰ ১২,৯৭,২৪১ গৰাকী লোক প্ৰভাৱিত হৈ আছে। চলিত বছৰত বৰ্তমানলৈকে বানপানীৰ ফলত ৰাজ্যত মৃত্যু হৈছে ৪২ গৰাকী লোকৰ। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নী পানী বৃদ্ধি পাবলৈ ধৰাত বন্যপ্ৰাণী সমূহে কাৰ্বি পাহাৰলৈ ঢাপলি মেলিছে।