আনিছুৰ আলী

গৌৰীপুৰ

৮ জুলাই

ধুবুৰী জিলাৰ গৌৰীপুৰ বিধানসভা সমষ্টি তথা বি টি এ ডিৰ পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ মদাতী ভি চি ডি চিৰ মল্লিকপাৰা শিলাই নৈৰ বুকুৰ পৰা পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ এটা বন কৰ্মীৰ দলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে।

এক গোপন খবৰৰ ভিত্তিত বন বিভাগৰ লোকে অভিযান চলাই বূহৎ পৰিমাণৰ চোৰাং কাঠসহ এখন নাওঁ জব্দ কৰিবলৈ সক্ষম হয়৷ দীৰ্ঘদিন ধৰি পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ অধীনত থকা পাহাৰীয়া অঞ্চল সমূহৰ পৰা দিনে নিশাই একাংশ বন বিভাগৰ কৰ্মচাৰীৰে চোৰাং কাঠ বেপাৰীয়ে গোপন বুজা বুজি কৰি মূল্যবান গছ কাটি বন ধ্বংস চলাই আহিছে। দুইদিনমান পূৰ্বে বগৰীবাৰীৰ খোৰাঘাটৰ পাহাৰীয়া অঞ্চলত বৃহৎ পৰিমাণৰ কাঠ চোৰাং ভাৱে সৰবৰাহ কৰাৰ উদ্দেশ্যে মজুত কৰি ৰখাৰ বাতৰি বগৰীবাৰী, গৌৰীপুৰ আৰু পৰ্বতঝোৰাৰ একাংশ সাংবাদিকে প্ৰকাশ কৰাত পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ বন বিষয়া আৰু কৰ্মচাৰী সকলে তৎপৰতা আৰাম্ভ কৰা পৰিলক্ষিত হৈছে৷ বন প্ৰাধিকৰণটোৰ বন বিষয়া আমিৰ হুছেইনৰ নেতৃত্বত সমগ্ৰ অঞ্চলটোত চোৰাং কাঠৰ এক ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে।

পৰ্বতঝোৰা বন প্ৰাধিকৰণৰ অন্তৰ্গত একাংশ অঞ্চলত বন বিষয়া আৰু কৰ্মচাৰীৰ সহযোগত মুকলি ভাৱে কাঠ ফলা মিল চলি থকা বুলিও জানিবলৈ দিয়ে একাংশ স্থানীয় ৰাইজে। অঞ্চলটোৰ একাংশ বন বিষয়া আৰু কৰ্মচাৰীয়ে চোৰাং কাঠ বেপাৰীৰ লগত বন ধ্বংস চলাই থকাৰ খবৰ বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতো বনমন্ত্ৰী পৰিমল শুক্লবাধ্যই এই সকল বন বিষয়ৰ বিৰুদ্ধে বৰ্তমানলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।