গুৱাহাটী, সংবাদ ৩৬৫, ৫ এপ্ৰিল: শনিবাৰে নিশাৰ ভাগত ২৬ জন হয়গৈ অসমত মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোকৰ সংখ্যা। শনিবাৰে দিনৰ ভাগত লখিমপুৰ জিলাত ১ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ পিছত নিশাৰ ভাগত কাছাৰ জিলাত ১ জন লোক আক্ৰান্ত হয় মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত।

বিশ্বৰ প্ৰায় ২০৬ খন দেশত এতিয়া কভিড-১৯ কৰ’ণা ভাইৰাছৰ সন্ত্ৰাস, চীনৰ পৰা আৰম্ভ হোৱা এই সন্ত্ৰসৰ অন্ত পৰিব কত ইয়াৰ কোনো উত্তৰ নাই মানুহৰ ওচৰত। কভিড-১৯ কৰ’ণা ভাইৰাছৰ কবলত পৰা ফ্ৰান্স, ইটালী, আমেৰিকাৰ অৱস্থা অতিকৈ শোচনীয়। ভাৰততো তাণ্ডৱ চলোৱাৰ দিশে অগ্ৰসৰ হয় আছে এই মাৰাত্মক ভাইৰাছ। ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো কৰণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ৩১ মাৰ্চত অসমৰ কৰিমগঞ্জ জিলাত ৰাজ্যৰ প্ৰথমটো কভিড-১৯ কৰ’ণা ভাইৰাছত চিকাৰ হোৱা এজন লোকৰ চিনাক্ত হৈছিল। ইয়াৰ পিছৰে পৰা ৰাজ্যত প্ৰায় প্ৰতিদিনে ধৰা পৰিছে নতুনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা লোক। শনিবাৰে দিনৰ ভাগত অসমত ২৫ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ সম্ভেদ পোৱাৰ পিছতে নিশা ২৬ জনলৈ বৃদ্ধি হয় অসমত আক্ৰান্ত লোকৰ সংখ্যা।শনিবাৰে দিনৰ ভাগত লখিমপুৰ জিলাত এজন শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছ ধৰা পৰাৰ বিপৰীতে নিশাৰ ভাগত কাছাৰ জিলাত এজন লোক চিকাৰ হয় এই মাৰাত্মক ভাইৰাছৰ।

ৰাজ্যত বৰ্তমানলৈকে কভিড-১৯ কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা মুঠ ২৬ জন লোকৰ ভিতৰত ২৫ জনে তবলিগ জামাতত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈছিল। গুৱাহাটী মহানগৰীৰ বিলাসী ‘স্পেনিছ গাৰ্ডেন’ৰ এজন ব্যৱসায়ীও কভিড-১৯ কৰুণা ভাইৰাছত আক্রান্ত হৈছে।কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোক চিনাক্ত হোৱাৰ পিছতে মহানগৰ জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে বিলাসী ‘স্পেনিছ গাৰ্ডেন’।