গুৱাহাটী, সংবাদ ৩৬৫, ৪ এপ্ৰিল : শুকুৰবাৰে নিশাৰ ভাগলৈ অসমত ২৪ৰ ঘৰ স্পর্শ কৰিছে ভয়ানক কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। কামৰূপ মেট্ৰত এজন, কামৰূপত এজন, মৰিগাঁৱত এজন আৰু গোলাঘাটত এজন লোক মাৰাত্মক কৰ’ণা ভাইৰাছৰ চিকাৰ হোৱা বুলি টুইটযোগে সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

সমগ্ৰ বিশ্বৰ লগতে ভাৰততো ভয়াবহ ভাবে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ভাৰতৰ কেইবাখনো ৰাজ্যৰ লগতে অসমতো অতি দ্ৰুত গতিত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ৩১ মাৰ্চত অসমৰ কৰিমগঞ্জ জিলাত প্ৰথমটো কভিড-১৯ কৰ’ণা ভাইৰাছত আক্ৰান্ত লোক চিনাক্ত হোৱাৰ পিছত মাত্ৰ চাৰি দিনৰ ভিতৰত আক্ৰান্তৰ সংখ্যা ২৪ লৈ বৃদ্ধি পাইছে। শুকুৰবাৰে সন্ধিয়ালৈকে ৰাজ্যত ২০ জনকৈ লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত নিশাৰ ভাগত আক্ৰান্তৰ সংখ্যা হয়গৈ ২৪। শুকুৰবাৰে ৰাজ্যত মুঠ ৮ জন লোক নতুনকৈ চিকাৰ হয় ভয়াবহ কভিড-১৯ কৰ’ণা ভাইৰাছৰ। আক্রান্ত হোৱা ৮ জন লোকৰ ভিতৰত ৭ জন লোকে তবলিগ জামাতত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈছিল। উল্লেখ্য যে, অসমত তবলিগ জামাতত অংশগ্ৰহণ নকৰা প্ৰথমজন কভিড-১৯ কৰ’ণা ভাইৰাছত সংক্ৰমিত ৰোগীৰ শুকুৰবাৰে নিশা চিনাক্ত হয় কামৰূপ মহানগৰ জিলাৰ গুৱাহাটীত।

উল্লেখযোগ্য যে, দিল্লীত নিজামুদ্দিনৰ মাৰ্কাজত অংশগ্ৰহণ নকৰা জু–ৰোডৰ স্পেনিছ গাৰ্ডেন এপাৰ্টমেণ্টৰ এজন বাসিন্দাৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি পোৱা গৈছে শুকুৰবাৰে নিশাৰ ভাগত।