গুৱাহাটী, সংবাদ ৩৬৫, ১৫ মাৰ্চ : কৰ’ণা ভাইৰাছৰ আতংক, ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা ২৯ মাৰ্চ পৰ্যন্ত সকলো শিক্ষা অনুষ্ঠান আৰু ছবিগৃহ বন্ধ ৰখাৰ ঘোষণা স্বাস্থ্য বিভাগৰ। অৱশ্যে চি বি এছ চি পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ চিৰ অন্তৰ্গত শিক্ষা অনুষ্ঠান সমূহৰ ক্ষেত্ৰত ৰেহাই থাকিব স্বাস্থ্য বিভাগৰ এই নিৰ্দেশনা।

সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰা কৰ’ণা ভাইৰাছক লৈ চিন্তিত সকলো। কৰ’ণা ভাইৰাছৰ আতংকত এতিয়া পৰিলক্ষিত হৈছে সকলোতে। বিশ্বৰ প্ৰতিটো দেশ এই মাৰাত্মক ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। ভাৰতত যাতে এই ভাইৰাছ ভয়াবহ ৰূপ ধাৰণ কৰিব নোৱাৰে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ে দেশবাৰীৰ বাবে ঘোষণা কৰিছে কেইটাও নিৰ্দেশনা। কেন্দ্ৰ চৰকাৰৰ সমান্তৰালে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগেও অসমবাসী ৰাইজৰ বাবে গ্ৰহণ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ। দেওবাৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক সংবাদমেল অনুষ্ঠিত কৰি কয় কৰ’ণা ভাইৰাছৰ বাবে ইতিমধ্যে ১০০টা আইছোলেচন কক্ষ স্থাপন কৰাৰ লগতে ৫০খন আই চি ইউ বেডৰ পৃথককৈ ব্যৱস্থা কৰা হৈছে। চৰকাৰী চিকিৎসালয় সমূহৰ সমান্তৰালে ব্যক্তিগত চিকিৎসালয় সমূহতো আই চি ইউ বেডৰ বাবে আলোচনা কৰা হৈছে। কৰ’ণা ভাইৰাছৰ পৰা ৰাইজে কিদৰে ৰক্ষা পাব পাৰি ইয়াৰ বাবে বিভিন্ন অঞ্চলত বিশেষকৈ গাঁও অঞ্চল সমূত সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰতবৰ্ষটো কৰ’ণা ভাইৰাছত আক্রান্ত লোক সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰাত অসমত যাতে এই ভাইৰাছে আক্ৰমণ কৰিব নোৱাৰে ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে অহা ২৯ মাৰ্চলৈ পৰৱৰ্তী জাননী প্ৰকাশ নোহোৱা পৰ্যন্ত শিক্ষা অনুষ্ঠান সমূহ বন্ধ ৰখাৰ ঘোষণা কৰিছে। শিক্ষা অনুষ্ঠান সমূহৰ লগতে ৰাজ্যৰ সকলো ছবিগৃহও বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে।ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে। অৱশ্যে চি বি এছ চি পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চি বি এছ চিৰ অন্তৰ্গত শিক্ষা অনুষ্ঠান সমূহৰ ক্ষেত্ৰত ৰেহাই থাকিব বুলিও ঘোষণা কৰিছে স্বাস্থ্য বিভাগে।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান বিভাগে ৰাইজক আতংকিত হোৱাৰ পৰিবৰ্তে নিজেই নিজৰ সাবধানতা লোৱাৰ প্ৰতি লক্ষ্য ৰাক্ষৰ বাবেও আহ্বান জনাইছে। বিভাগে ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি ৰাখিবলৈ পৌৰ নিগম আৰু পৌৰ সভালৈ নিৰ্দেশ জাৰি কৰিছে।