কুন্দৰ ভৰালী

নগাঁও

৮ জুলাই

কৰ’ণা ভাইৰাছৰ সন্ত্ৰাসৰ মাজতে নগাঁও চহৰৰ মাজ মজিয়াত এন এছ ইউ আইৰ ব্যতিক্ৰমী বাটৰ নাট। বাটৰ নাট চাবলৈ আহিল প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইন। প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাও উপভোগ কৰিলে বাটৰ নাট।

এফালে আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পাই আছে, আৰু আনফালে ভাৰতত প্ৰতিদিনে বৃদ্ধি পাই আছে পেট্ৰ’ল-ডিজেলৰ মূল্য। মহামাৰী কৰ’ণা ভাইৰাছে দেশবাসীক জুৰুলা কৰাৰ সময়তে পেট্ৰ’ল-ডিজেলৰ অস্বভাৱিক মূল্যবৃদ্ধিয়ে আৰু অধিক মাধমাৰ সুধাইছে দেশবাসীক। পেট্ৰ’ল-ডিজেলৰ এই অস্বাভাৱিক মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেন্দ্ৰীয় চৰকাৰৰ ব্যৰ্থতাক কেন্দ্ৰ কৰি বিৰোধী দল সমূহে প্ৰতিদিনে সাব্যস্ত কৰি আছে প্ৰতিবাদ। বিশেষকৈ কংগ্ৰেছ দলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিকলৈ ধাৰাবাহিক ভাৱে চলাই আহিছে প্ৰতিবাদ। বৃহস্পতিবাৰেও নগাঁৱত কংগ্ৰেছ দলৰ ছাত্ৰ সংগঠন এন এছ ইউ আইয়ে পেট্ৰল, ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে এক ব্যতিক্ৰমী বাটৰ নাট প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই এছ ইউ আইয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা বাটৰ নাট উপভোগ কৰে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধয়াক ৰকিবুল হুছেইন আৰু প্ৰাক্তন বিধয়াক ডাঃ দুৰ্লভ চমুৱা।

প্ৰতিবাদস্থলীৰ পৰা বিজেপি চৰকাৰক তীব্ৰ আক্ৰমণ কৰি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় কৰ’ণা ভাইৰাছকলৈ চৰকাৰখনে ৰাজনীতি কৰি আছে। মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলৰ প্ৰতিবাদ অব্যাহত থাকিব। আলফা-ছালফায়ে কণ্ঠৰোধ কৰিব নোৱাৰা কংগ্ৰেছৰ কণ্ঠ বিজেপিয়েও ৰোধ কৰিব নোৱাৰে বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।