যোৰহাট

১৬ জানুৱাৰী

সমগ্ৰ দেশৰ লগতে অসমতো আৰম্ভ কভিড ভেকচিনেচন কাৰ্যসূচী। গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যজুৰি চিকিৎসলায় সমূহত পুৱাৰ ভাগৰে পৰা কভিড ভেকচিনেচন কাৰ্যসূচীৰ আৰম্ভণি কৰা হয়। যোৰহাটৰ ১০০ গৰাকী চিকিৎসা কর্মীক দিয়া হ’ব কভিড ভেকচিন।

সমগ্ৰ দেশৰ বাবেই শনিবাৰৰ দিনটো এটা ঐতিহাসিক দিন। কিয়নো শনিবাৰৰ পৰাই আৰম্ভ হৈছে দেশজুৰি কভিড ভেকচিনেচন। বিগত প্ৰায় এটা বছৰ ধৰি কভিডৰ সংহাৰত তচ নচ হৈ পৰিছিল সমগ্ৰ বিশ্বৰ লগতে দেশ। ইয়াৰ মাজতে শনিবাৰৰ পৰা কভিডৰ ভেকচিনেচন আৰম্ভ হোৱাৰ পিছতেই স্বস্তিৰ নিঃশ্বাস পেলাব দেশবাসীয়ে। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰথম পৰ্যায়ৰ ভেকচিনেচন কাৰ্যসূচীত ১০০ গৰাকী স্বাস্থ্য কৰ্মীক দিয়া হ’ব কভিড ভেকচিনেচন। ইয়াৰে ভিতৰৰ ১০ গৰাকী চিকিৎসকক দিয়া হ’ব কভিড ভেকচিন। প্ৰথম পৰ্য্যায়ত মুঠ ৩,৮৪০ ড’জ ভেকচিনেচন আহিছে যোৰহাটলৈ। যোৰহাটৰ সমানতৰালকৈ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়তো প্ৰদান কৰা হ’ব কভিড ভেকচিনেচন।

উল্লেখ্য যে সপ্তাহত চাৰি দিনকৈ দিয়া হ’ব কভিড ভেকচিন। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত প্ৰথম কভিড ভেকচিনেচন লয় জ্যেষ্ঠ চিকিৎসক দীপক শৰ্মাই। চিকিৎসক গৰাকীয়ে সকলোকে ভেকচিন ল’বৰ বাবে আহ্বান জনায়।