গুৱাহাটী,  ১০ ডিচেম্বৰঃ দেওবাৰে পুৱা গুৱাহাটী ৰেল ষ্টেচন ৰেল আৰক্ষীয়ে জব্দ কৰিলে ১ কোটি ৬০ লাখ টকা। উজনি অসমৰ তিনিচুকীয়াৰ পৰা পশ্চিম বংগৰ ৰাজধানী কলকাতালৈ নিয়াৰ পথত গুৱাহাটী ৰেল আৰক্ষীয়ে জব্দ কৰে নতুন ২০০০ হাজাৰ নোটৰ টকাখিনি। গুৱাহাটী ৰেল আৰক্ষীয়ে আজি পুৱাৰ ভাগত তালাচী চলাই থকা অৱস্থাত কামৰূপ এক্সপ্ৰেছত অমিত কুমাৰ শৰ্মা (৩২) নামৰ ব্যক্তি এজনক তালাচী কৰি তেওঁৰ লগত থকা ৰঙা বেগৰ পৰা ১ কোটি ৬০ লাখ টকা উদ্ধাৰ কৰে। টকাখিনি উদ্ধাৰ কৰাৰ পিছত অমিত কুমাৰে ৰেল আৰক্ষীক কোনোধৰণৰ নথিপত্ৰ যোগান ধৰিব নোৱাৰাত ৰেল আৰক্ষীয়ে অমিত কুমাৰক উদ্ধাৰ কৰা টকাখিনিৰ লগতে আয় কৰ বিভাগক গতাই দিয়ে। অমিত কুমাৰ তিনিচুকীয়াৰ এ টি ৰোডৰ তিনিচুকীয়া উন্নয়ন কৰ্পোৰেচন লিমিটেডৰ কৰ্মাচী বুলি জানিব পৰা গৈছে। অমিত কুমাৰে জানিবলৈ দিয়া মতে তেওঁ টকাখিনি তেওঁলোকৰ কলকাতাৰ বৰা বজাৰত থকা মুখ্য কাৰ্য্যলয়লৈ নিয়াৰ সময়ত ৰেল আৰক্ষীয়ে তেখেতক আটক কৰে।