মিৰ্জাৰ পৰা অজয় দাস, ২১নৱেম্বৰ: চানডুবি উৎসৱ ৰাষ্ট্ৰীয় আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়লৈ ৰূপান্তৰিত হৈছে। বৃদ্ধি হৈছে পৰ্যটকৰ সংখ্যা। দেশ বিদেশৰ পৰ্যটকে উপভোগ কৰিব পৰাকৈ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে চানডুবি উৎসৱ। বিগত বৰ্ষৰ দৰে এইবাৰো এক ব্যতিক্ৰমী ৰূপত আয়োজন কৰা হ’ব এই উৎসৱ। আগন্তুক নৱবৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৫ জানুৱাৰীলৈকে চলিব লগা চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰে কুলচি ৰাভা স্বায়িত্ব শাসিত পৰিষদৰ সদস্য অৰুণ ৰাভাই। সম্পূৰ্ণ ৰাভা জনজাতীয় ৰীতি-নীতিৰে পৰম্পৰাগতভাৱে চানডুবি উৎসৱৰ লাইখুঁটা স্থাপন কৰে। ১৮৯৭ চনত এক ভূমিকম্পৰ ফলত ফলত সৃষ্টি হোৱা চানডুবি বিল সংকটৰ গৰাহত পৰাত বৰদুৱাৰ-ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই চানডুবি বিলখন ৰক্ষা কৰাৰ বাবে বিভিন্ন দল-সংগঠনৰ সহযোগত যোৱা কেইবছৰ ধৰি উদযাপন কৰি আহিছে চানডুবি উৎসৱ। অষ্টম বাৰ্ষিক এই চানডুবি উৎসৱত অসমৰ বিভিন্ন লোক সংস্কৃতি সকলো জনগোষ্ঠীৰ খাদ্য সম্ভাৰ, সাজপাৰ আৰু জৈৱ বৈচিত্ৰক প্ৰাধান্য দি এই চানডুবি উৎসৱ উদযাপন কৰা হ’ব বুলি কয় বৰদুৱাৰ-ভোলাগাঁও ৰাভা ছাত্ৰ সন্থাৰ সভাপতিজনে। এই উৎসৱখন বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলন ক্ষেত্ৰত পৰিণত হ’ব বুলি আশা ৰাখিছে উৎসৱ সমিতিয়ে। প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ চানডুবি উৎসৱত দেশ-বিদেশৰ লগতে বিভিন্ন ঠাইৰ পৰা অহা পৰ্যটকে এই চানডুবি উৎসৱখনি উপভোগ কৰিব বুলি আশা প্ৰকাশ কৰিছে আৰু বনভোজৰ আনন্দৰ নামত উচ্চ শব্দ যন্ত্ৰ ব্যৱহাৰ নকৰিবলৈ বনভোজলৈ অহা সকলক আহ্বান জনায় উৎসৱৰ উদযাপন সমিতিয়ে।