শ্বিলং : অসম আৰক্ষীৰ সমান্তৰালভাৱে অব্যাহত আছে মেঘালয় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Meghalaya Police War Against Drugs)। ড্ৰাগছ বিৰোধী অভিযান চলাই মেঘালয় আৰক্ষীয়ে লাভ কৰিলে আন এক বৃহৎ সাফল্য। বৃহৎ পৰিমাণৰ ড্ৰাগছসহ পুনৰ দুজন ড্ৰাগছ সৰবৰাহকাৰী পৰিল মেঘালয় আৰক্ষীৰ জালত।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকাৰ মাজতে এইবাৰ ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে মেঘালয় আৰক্ষী। মেঘালয় আৰক্ষীয়ে ৰাজ্যখনৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ ৰোধ কৰাৰ বাবে ধাৰাবাহিক অভিযান আৰম্ভ কৰিছে। কিছুদিন পূৰ্বে মেঘালয় আৰক্ষীয়ে ১ কোটি টকা মূল্যৰ হে’ৰইনসহ তিনিজনকৈ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

পুনৰ মেঘালয় আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম । মেঘালয় আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ভিতৰত আছে এগৰাকী মহিলা। এখন বাহনত তালাচী চলাই মেঘালয় আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে।

বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত মেঘেয়াল আৰক্ষীয়ে বৰ্ণিহাটত এখন এএছ-০১-জেড-৮২৫৫ নম্বৰৰ এখন বাহনত তালাচী চলাই ৪৫.৩১ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। মেঘালয় আৰক্ষীয়ে ড্ৰাগছখিনিৰ লগতে দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ ভিতৰত আছে অসমৰ বৰ্ণিহাটৰ ১৪ মাইলৰ এগৰাকী মহিলা।

আনজন ড্ৰাগছ সৰবৰাহকাৰী মেঘালয়ৰ বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী দুজনে অসমৰ পৰা ড্ৰাগছখিনি মেঘালয়লৈ সৰবৰাহ কৰি আছিল। মেঘালয় আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য ২৫ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।