নিউজ ডেস্ক : ছত্তীশগড়ৰ দন্তেৱাড়াত নক্সালবাদী ভয়ংকৰ কূটাঘাটমূলক আক্ৰমণ (Maoist attack on Police Personal in Chattisgarh)। দন্তেৱাড়াত নক্সালবাদী কূটাঘাটমূলক আক্ৰমণত শ্বহীদ ১০ জনকৈ জোৱান। এজন নাগৰিকো নিহত হৈছে নক্সালবাদীৰ আক্ৰমণত। শ্বহীদ হোৱা জোৱান কেইজন জিলা ৰিজাৰ্ভ গাৰ্ড (ডি আৰ জি)ৰ আছিল। জিলা ৰিজাৰ্ভ গাৰ্ডৰ প্ৰত্যুত্তৰত কেইবাজনো নক্সালবাদী আহত হোৱা বুলিও জানিব পৰা গৈছে।

বুধবাৰে ছত্তীশগড়ৰ দন্তেৱাড়াত সংঘটিত হৈছে নক্সালবাদীৰ এক ভয়ংকৰ কূটাঘাটমূলক আক্ৰমণ। এই আক্ৰমণত জিলা ৰিজাৰ্ভ গাৰ্ডৰ ১০ জনকৈ জোৱান শ্বহীদ হোৱাৰ লগতে নিহত হৈছে এজন সাধাৰণ নাগৰিক। আই আই ডি বিস্ফোৰণ (IED blast by Maoist ) ঘটাই নক্সালবাদীয়ে জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱানৰ ওপৰত আক্ৰমণ চলাইছিল।দন্তেৱাড়াৰ অৰণপুৰত নক্সালবাদীয়ে জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱানৰ ওপৰত আক্ৰমণ চলাইছে। জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱানৰ বাহনক লক্ষ্য কৰি নক্সালবাদীয়ে আই আই ডি বিস্ফোৰণ ঘটাইছিল।

জানিব পৰা মতে জিলা ৰিজাৰ্ভ গাৰ্ডৰ জোৱান (District Reserve Guard) নক্সালবাদী সকলৰ বিৰুদ্ধে অভিযান চলাবলৈ যাওঁতে অৰণপুৰৰ পালনাৰ অঞ্চলত জোৱান সকলৰ বাহনখন নক্সালবাদীয়ে আই আই ডিৰে উৰুৱাই দিয়ে। নক্সালবাদী সকলে পূৰ্বৰ পৰাই জোৱান সকলৰ অপেক্ষা কৰি আছিল আৰু জোৱান সকলৰ বাহনখন আহি পোৱাৰ লগে লগে আই আই ডি বিস্ফোৰণ ঘটাই আক্ৰমণ কৰে। এই আক্ৰমণত ১০ জনকৈ জোৱান শ্বহীদ হোৱাৰ লগতে বাহনখনৰ চালকজন নিহত হয়।

জানিব পৰা মতে বিস্ফোৰণৰ পিছতে জোৱান সকলে প্ৰত্যুত্তৰত নক্সালবাদী সকলৰ ওপৰত আক্ৰমণ চলায়। ফলত কেইবাজনো নক্সালবাদী আহত হৈছে। ঘটনাৰ পিছত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় “এই ঘটনা অতি শোকাবহ। দোষীক ৰেহাই দিয়া নহ’ব। নক্সালবাদীৰ বিৰুদ্ধে আমাৰ যুঁজ চূড়ান্ত পৰ্যায়ত।” উল্লেখ্য যে ছত্তীশগড়ৰ ৮ খনকৈ জিলা নক্সালবাদীৰ দ্বাৰা প্ৰভাৱিত। যোৱা ১০ বছৰত ছত্তীশগড়ত নক্সালবাদী দ্বাৰা ৩৭৭২ টা কূটাঘাটমূলক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।

৩৭৭২ টা কূটাঘাটমূলক আক্ৰমণৰ ঘটনাত শ্বহীদ হৈছে ৪৮৯ জনকৈ জোৱান। ইয়াৰ বিপৰীতে যোৱা ১০ বছৰত ছত্তীশগড়ত নক্সালবাদী বিৰোধী অভিযান মৃত্যু হৈছে ৬৫৬ জনকৈ নক্সালবাদীৰ। ২০১৬ চনত সবাতোকৈ অধিক নক্সালবাদীৰ মৃত্যু হৈছিল নক্সালবাদী বিৰোধী অভিযানত। ১৩৫ জন নক্সালবাদীৰ মৃত্যু হৈছিল ২০১৬ চনত আৰু ২০১৮ চনত মৃত্যু হৈছিল ১২৫ জন নক্সালবাদীৰ।