ধেমাজি, ২৬ এপ্ৰিল : ধেমাজি আৰু জোনাইত জলসিঞ্চন বিভাগৰ আঁচনিৰ (Dhemaji and Jonai Irrigation Schemes) সমূহৰ বুজ ল’লে মন্ত্ৰী অশোক সিংহলে। বুধবাৰে (২৬ এপ্ৰিল) দিনজোৰা কাৰ্যসূচীৰে ধেমাজি আৰু জোনাই ভ্ৰমণ কৰি জলসিঞ্চন বিভাগৰ বিভিন্ন আঁচনি সমূহৰ চৰজমিন বুজ ল’লে মন্ত্ৰী অশোক সিংহলে। কুলাজান আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ শুভ উদ্বোধনৰ লগতে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত দুটা পথৰ আধাৰশিলা স্থাপন মন্ত্ৰী অশোক সিংহলৰ। পৰ্যালোচনা কৰিলে ধেমাজি আৰু চিলাপথাৰ পৌৰসভাৰ বিভিন্ন কাম-কাজৰ।

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে ধেমাজি আৰু জোনাই ভ্ৰমণ কৰি জিলাখনৰ দুয়োটা মহকুমাতে জলসিঞ্চন বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনিৰ ক্ষেত্ৰ পৰ্যায়ত পৰিদৰ্শন কৰাৰ লগতে আঁচনি সমূহৰ শেহতীয়া স্থিতিৰ বুজ লয়। পুৱা জোনাইত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে জলসিঞ্চন আঁচনিৰ সম্ভাৱনীয়তা অন্বেষণ কৰাৰ উদেশ্যে জোনাইৰ সমীপৱৰ্তী অসম-অৰুণাচল সীমান্তৰ ওৱেন ঘাটত চিলে নদীৰ (Sile River near Assam-Arunachal boarder) দলঙৰ পৰা নদীখনৰ অৱবাহিকা পৰিদৰ্শন কৰে। ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে জোনাই সমষ্টিৰ অন্তৰ্গত মেনজাক নলা আৰু ছিমেন নদী পৰিদৰ্শন কৰি অঞ্চলটোত জলসিঞ্চন আঁচনি ৰূপায়ণৰ সম্ভাৱনাৰ ওপৰত পৰ্য্যবেক্ষণ কৰে। আনহাতে মন্ত্ৰীগৰাকীয়ে জোনাইৰ ডিমৌ গাঁৱত চিত্ৰ পায়েং নামৰ হিতাধিকাৰী কৃষকগৰাকীৰ কৃষিভূমিত উপস্থিত হয় আৰু প্ৰধানমন্ত্ৰী কৃষি সিঁচাই যোজনাৰ অধীনত লাভ কৰা জলসিঞ্চনৰ সুবিধাৰে তেওঁ কৰা কুঁহিয়াৰ খেতি পৰিদৰ্শন কৰে।

বিয়লি ধেমাজি জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বৈঠকত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জলসিঞ্চন বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা কৰে। বুধবাৰৰ পৰিদৰ্শন তথা পৰ্যালোচনাত লখিমপুৰ সংসদীয় সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, জোনাইৰ বিধায়ক ভূৱন পেগু আৰু জলসিঞ্চন বিভাগৰ সচিব পবিত্ৰ ৰাম খাউণ্ডকে ধৰি বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ, জিলা উপায়ুক্ত অংকুৰ ভৰালী তথা জিলাখনৰ জলসিঞ্চন বিভাগৰ বিভিন্ন স্তৰৰ বিষয়া আৰু অভিযন্তাসকল উপস্থিত থাকে। ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত প্ৰকল্পস্থলীত উপস্থিত থকা সাংবাদিকৰে সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ প্ৰতিখন পথাৰতে অবিৰত জলসিঞ্চনৰ সু-ব্যৱস্থা গঢ়ি তুলিবলৈ অহৰ্নিশে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা অব্যাহত আছে যাতে অঞ্চলটোৰ কৃষকবন্ধুসকল কৃষি উৎপাদনত উপকৃত হয়। ধেমাজি জিলাৰ লগতে সমগ্ৰ ৰাজ্যতে নতুন নতুন জলসিঞ্চনৰ আন্তঃগাঁথনিৰ বিকাশৰ জৰিয়তে অসমৰ কৃষিখণ্ডক আগুৱাই লৈ যাবলৈ জলসিঞ্চন বিভাগে কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অনাগত ২৫ বছৰৰ বাবে জলসিঞ্চনৰ মাষ্টাৰপ্লেন প্ৰস্তুতৰ লক্ষ্যৰে জিলা জলসিঞ্চন পৰিকল্পনা যুগুত কৰা হৈছে আৰু ই প্ৰস্তুত হৈ উঠিলে জিলাখনৰ অধিকাংশ কৃষিভূমিকে জলসিঞ্চনৰ সুবিধাৰে সামৰি ল’ব পৰা যাব।

আনহাতে, জোনাই ভ্ৰমণকালত মন্ত্ৰী অশোক সিংহলে অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ দ্বাৰা ২৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কুলাজান আদৰ্শ অঙ্গনবাদী কেন্দ্ৰটিৰ শুভ উদ্বোধন কৰে। অঞ্চলটোৰ শিশুসকলক পৰিপুষ্টি প্ৰদানৰ ক্ষেত্ৰত এই কেন্দ্ৰটিয়ে বিশেষ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। আনহাতে মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ ২০২২-২৩ বিত্তীয় বৰ্ষৰ অধীনত ১১৭.২৭ লাখ টকা ব্যয়সাপেক্ষে কান্দুলি মথুৰাৰ পৰা কুলাজান গাঁৱলৈ যোৱা পথটিৰ লগতে ৬৬.৮৯ লাখ টকা ব্যয়সাপেক্ষে কপাহতলি দেউৰী গাঁৱৰ পৰা শ্ৰীপাণি কুণ্ডিমামা মন্দিৰলৈ যোৱা পথ দুটিৰ আধাৰশিলাও স্থাপন কৰে।

মন্ত্ৰী অশোক সিংহলে ধেমাজি জিলাৰ চিলাপথাৰ পৌৰসভাৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ কাম-কাজৰ বুজ লয়। পিছত মন্ত্ৰীগৰাকীয়ে ধেমাজিৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলাখনৰ ধেমাজি আৰু চিলাপথাৰ পৌৰসভাৰ বিষয়-ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ পৌৰসভা দুখনৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ শেহতীয়া স্থিতিৰ পৰ্যালোচনা কৰে। পৌৰসভা দুখনৰ অধীনৰ এলেকাসমূহত উপযুক্ত আৱৰ্জনা ব্যৱস্থাপনা, পৌৰকৰ সংগ্ৰহ আদিৰ সু-ব্যৱস্থাৰ বাবে মন্ত্ৰী অশোক সিংহলে সংশ্লিষ্ট বিষয়ববীয়াসকলক যাৱতীয় নিৰ্দেশনা প্ৰদান কৰে। এই পৰ্যালোচনাত জিলা উপায়ুক্ত অংকুৰ ভৰালীৰ লগতে দুয়োখন পৌৰসভাৰ পৌৰপতি আৰু ৱাৰ্ড সদস্যসকল তথা কাৰ্যবাহী বিষয়াসকল উপস্থিত থাকে।