নিউজ ডেস্ক, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : এগৰাকী কিশোৰী। নাম এ ৰামায়া। বয়স ১৭ বছৰ । দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰা কিশোৰীগৰাকীক ১৭ বছৰতে আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হ’ল । এইয়া হৈছে তেলেংগানাৰ ৰছাকোণ্ডাৰ ঘটনা ।

তেজৰ কৰ্কট ৰোগৰ সৈতে ভুগি থকা এই কিশোৰীগৰাকীক এটা দিনৰ বাবে নিযুক্তি দিয়া হ’ল তেলেংগানাৰ ৰছাকোণ্ডাৰ আৰক্ষী আয়ুক্ত হিচাপে। আয়ুক্ত হিচাপে আসনত বহাই নহয় আয়ুক্ত এগৰাকীৰ যি দায়িত্ব আৰু কৰ্তব্য সেইয়াও পালন কৰিলে এ ৰামায়াই ।

আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰি খুবেই আনন্দিত ৰামায়া। ভৱিষ্যতেও অঞ্চলটোৰ ওপৰত এগৰাকী আৰক্ষী বিষয়া হৈ গুৰুত্ব প্ৰদান কৰিবলৈ আশা ৰামায়াৰ।

উল্লেখযোগ্য যে কিশোৰীগৰাকীয়ে তেওঁৰ এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন প্ৰকাশ কৰিছিল ’মেক এ ইউজ’ নামৰ এটা সংস্থাৰ আগত । কিশোৰীগৰাকীৰ এই ইচ্ছাৰ কথা সংস্থাটোৱে তেলেংগানাৰ ৰছাকোণ্ডাৰ আৰক্ষী আয়ুক্ত মহেশ ভাগৱতক এখন পত্ৰৰ
যোগে অৱগত কৰিছিল আৰু ইয়াৰ পিছতেই এদিনৰ বাবে আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিলে কিশোৰীগৰাকীক।

ইফালে তেলেংগানাৰ ৰছাকোণ্ডাৰ আৰক্ষী আয়ুক্ত মহেশ ভাগৱতো ৰামায়াৰ সপোন পূৰণ কৰিবলৈ পায় যথেষ্ট সুখী।

ৰছাকোণ্ডাৰ প্ৰশাসনে ৰামায়াক গাৰ্ড প্ৰদান কৰাৰ লগতে কাম-কাজসমূহ শিকাবলৈ আৰু চোৱা-চিতা কৰিবলৈ দুজন প্ৰশাসনিক বিষয়াও ৰামায়াৰ লগত নিয়োগ কৰে ।

তেজৰ কৰ্কট ৰোগত আক্ৰান্ত ৰামায়াৰ চিকিৎসা বৰ্তমান নিম্ছ হায়দৰাবাদত চলি আছে।