গুৱাহাটী, সংবাদ ৩৬৫, ৩০ অক্টোবৰ : অসমৰ বাবে এক অভিশপ্ত দিন ৩০ অক্টোবৰ। ১১ বছৰ সম্পূৰ্ণ হ’ল এই অভিশপ্ত দিনটোৰ। ২০০৮ চনৰ ৩০ অক্টোবৰৰ পুৱা গুৱাহাটীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰী, কোকৰাঝাৰ, বৰপেটাৰোড আৰু বঙাইগাঁৱত সংঘটিত হৈছিল ধাৰাবাহিক বোমা বিস্ফোৰণ।

বোমা বিস্ফোৰণৰ ফলত শিশুকে ধৰি ৮১ জনতকৈ অধিক লোক নিহত হোৱাৰ লগতে ৫০০ৰো অধিক লোক আহত হৈছিল ।

এই ধাৰাবাহিক বিস্ফোৰণ কাণ্ডৰ মূল অভিযুক্ত আছিল এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী । ৰঞ্জন দৈমাৰী সহিতে এন ডি এফ বি বিদ্ৰোহী সংগঠনৰ ১৫ জনক ২০১৮ চনত দোষী সাব্যস্ত কৰা হৈছিল।

দোষী সাব্যস্ত কৰাসকল ক্ৰমে ৰঞ্জন দৈমাৰী ,জৰ্জ বড়ো , জয়ন্তী ব্ৰহ্ম, অজয় বসুমতাৰী , প্ৰভাত বড়ো , ৰাজু চৰকাৰ ,খৰ্গেশ্বৰ বসুমতাৰী , মৃদুল গয়াৰী , বি থৰাই ওৰফে বৈশাগী ,মথুৰাম ব্ৰহ্ম, আনচাই বড়ো, ইন্দ্ৰ ব্ৰহ্ম, লক’ বসুমতাৰী, ৰাজেন গয়াৰী, নীলিম দৈমাৰী ।

উল্লেখযোগ্য যে দুখনকৈ চাৰ্জশ্বীট দাখিল কৰিছিল চিবিআইয়ে উক্ত ঘটনাৰ তদন্ত কৰি আৰু চাৰ্জশ্বীট দুখনত আছিল মুঠ ২২ জনৰ নাম । কিন্তু ৭ জন পলাতক অৱস্থাত থকাৰ বাবে আদালতত উপস্থিত আছিল ১৫ জন আৰু ১৫ জনকেই দোষী সাব্যস্ত কৰে আদালতে।

৩০ অক্টোবৰৰ এই দিনটোকে স্মৰণ কৰি প্ৰতিবছৰে গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুত নিহতসকলক সুঁৱৰি তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা জনোৱা হয় ।

আজি অৰ্থাৎ বুধবাৰেও গণেশগুৰি উৰণীয়া সেতুৰ তলত নিহতসকলক সুঁৱৰি বিশেষ কাৰ্যসূচীৰে নিহতসকলৰ পৰিয়ালৰ লোক, মুখ্যমন্ত্ৰী, কুইন ওজা,শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য, আৰক্ষী আয়ুক্ত দীপক কুমাৰ সহিতে বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে স্মৰণ কৰে।

এই বিস্ফোৰণত বহুতে হেৰুৱাইছে তেওঁলোকৰ পিতৃ, মাতৃ, ভগ্নী আদিক । আজিৰ এই দিনটোত আকৌ এবাৰ তেওঁলোকক সুঁৱৰি কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল ।