নতুন দিল্লী, ৩০ অক্টোবৰ: দেশৰ ৰাজধানী নতুন দিল্লীত মঙ্গলবাৰৰ পৰা মহিলাসকলৰ সুৰক্ষা আৰু সশক্তিকৰণৰ বাবে বিনামূলীয়া বাছ সেৱা আৰম্ভ কৰাৰ পাছতে বুধবাৰে দিল্লী চৰকাৰে পুনৰ বয়োজেষ্ঠ্য নাগৰিক আৰু বিদ্যাৰ্থীসকলৰ বাবে বিনামূলীয়া বাছ সেৱাৰ বিষয়ে সম্ভাৱনা জাৰি কৰে।

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে মঙ্গলবাৰৰ পৰা মহিলাসকলৰ বাবে আৰম্ভ হোৱা বিনামূলীয়া বাছ সেৱাৰ পৰা যথেষ্টখিনি যোগাত্মক প্ৰতিক্ৰিয়া লাভ কৰিছে। আৰু ইয়াৰ আধাৰতে অনতি পলমে বয়োজেষ্ঠ্য নাগৰিক আৰু বিদ্যাৰ্থীসকলৰ বাবে বিনামূলীয়া বাছ সেৱা আৰম্ভ কৰা হ’ব। লগতে তেওঁ কয় যে, আৰ্থিক দুৰৱস্থাৰ বাবে যাতে কোনো মহিলাই শৈক্ষিক জীৱন আধাতে সামৰিব নালাগে তাৰ বাবে এই পদক্ষেপ লোৱা হৈছে।

উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচনৰ কিছুদিন পূৰ্বে আপ চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰিছিল।