Blind Cricket : নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে

In ক্ৰীড়াংগন, ৰাজ্য
Umra Package

গুৱাহাটী : ভাৰতীয় দৃষ্টিহীন (Blind Cricket) ক্ৰিকেট সন্থাৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা চণ্ডিগড়ত অনুষ্ঠিত ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা নাগেশ ট্ৰফিত অসম দৃষ্টিহীন ক্ৰিকেট দলেও অংশগ্ৰহণ কৰে। ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বত যোৱা অসম দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনা ৰেলৱেৰ বিৰুদ্ধে ১৭ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৭২ ৰাণ কৰে যদিও ৰেলৱে দলটো ৭ উইকেটত বিজয়ী হয়।

অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে সৰ্বাধিক ৫৮ ৰাণৰ বৰঙণি আগবঢ়ায়। অসম দলটো দ্বিতীয় দিনৰ খেলত চণ্ডিগড়ৰ বিৰুদ্ধে ৯ উইকেটত পৰাজিত হয়। অসমে ১৮ অভাৰত দুটা উইকেটত ১৬৫ ৰাণ কৰে। অসমৰ হৈ মনজিত চৌধুৰীয়ে ৪৯ টা বলত ৮৪ ৰাণ কৰি অপৰাজিত হৈ ৰয়। প্ৰতিযোগিতাত অসম দলে মণিপুৰৰ বিৰুদ্ধে খেলা এখন খেলত ১৮ অভাৰত ৩ উইকেটত ১৯১ ৰাণ কৰে। অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে ৪৪ টা বলত ৬৫ ৰাণৰ বৰঙণি আগবঢ়ায়।

আনহাতে বলিঙত ৰাজদ্বীপ ডাকুৱা আৰু প্ৰতাপ ৰাজবংশীয়ে ভাল প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে মুঠ ২৮ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ গ্ৰুপ এফত মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰে। অসমৰ দলটোৰ টিম মেনেজাৰ আৰু প্ৰশিক্ষক হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ৰ ক্ৰমে ৰঞ্জন কুমাৰ গোস্বামী আৰু সুশীল পৌৰেল। অসমত দৃষ্টিহীন ক্ৰিকেটৰ বাটকটীয়া, বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ সভাপতি (স) আৰু অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে প্ৰতিযোগিতাত জয়লাভ কৰিব নোৱাৰিলেও উপযুক্ত প্ৰশিক্ষণ আৰু আন্তঃগাঁথনি নোহোৱাকৈ অসমৰ দলটোৱে আশা কৰাতকৈও উৎকৃষ্ট প্ৰদৰ্শন কৰিছে।

উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে তেওঁলোকে আৰু অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে। তেওঁ লগতে এইবাৰ ক্ৰিকেট দলটোক চণ্ডিগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে সহায়ৰ হাত আগবঢ়োৱা অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu