New Assamese Movie : কেনী বসুমতাৰীৰ কৌতুকধৰ্মী ছবি ‘কি কোৱা, দোস্তি…!’ৰ ট্ৰেইলাৰ মুকলি

In বিনোদন, ৰাজ্য
Umra Package

গুৱাহাটী : বক্স অফিচত ‘লোকেল উৎপাত’ৰ বৃহৎ সফলতাৰ পাছত মুক্তিৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈছে ‘লোকেল কুংফু’খ্যাত অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ পৰৱৰ্তী অসমীয়া ছবি (New Assamese Movie) ‘কি কোৱা, দোস্তি..!’ ২৮ এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ ১৪ মাৰ্চ তাৰিখে ড০ লিমা দাসে মুকলি কৰে।

ছবিখনৰ সন্দৰ্ভত কেনীয়ে কয়, “’কি কোৱা, দোস্তি…!’ মূলতে ভাড়াঘৰৰ কাহিনী। আমাৰ বহুতৰে হোষ্টেল, ভাড়াঘৰ অথবা মেছত থকাৰ অভিজ্ঞতা আছে। আমাৰ এই ছবিখনত ভাড়াঘৰত থকা চাৰিজন যুৱক আৰু তিনিগৰাকী যুৱতীৰ মাজত সংঘটিত কেতবোৰ দুঃসাহসিক ঘটনা উপস্থাপন কৰা হৈছে।”মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনত অভিনয় কৰিছে ৰূপশ্ৰী ফুকন, শ্ৰুতি হুছেইন, ৰিমি দেউৰী, ছাজু আহমেদ, কৌশিক নাথ, যতীন দাস আৰু দীপজ্যোতি দত্তই।

উল্লেখ্য যে, ছাজু আহমেদ আৰু কৌশিক নাথক দৰ্শকে ইতিমধ্যে লোকেল উৎপাত’ আৰু ‘বৰনদী ভটিয়ায়’ নামৰ ছবি দুখনত দেখিবলৈ পাইছে। অৱশ্যে ছবিখনৰ প্ৰায়সংখ্যক অভিনেতা-অভিনেত্ৰীক দৰ্শকে পোন প্ৰথমবাৰৰ বাবে পৰ্দাত দেখিবলৈ পাব। আনহাতে, যতীন দাস আৰু দীপজ্যোতি দত্তইও কেনী বসুমতাৰীৰ ছবিসমূহত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছে যদিও তেওঁলোকৰ প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক মুখ্য অভিনেতালৈ উন্নীত কৰা হয়। ২৮ এপ্ৰিলত সমগ্ৰ ৰাজ্যজুৰি মুক্তি পাবলগীয়া এই ছবিখনত বিভূতি ভূষণ হাজৰিকা, গায়ত্ৰী শৰ্মা, বিভাষ সিনহা, উৎকল হাজোৱাৰী আৰু ৰুবুল বড়োৰ দৰে বহু প্ৰখ্যাত অভিনেতা-অভিনেত্ৰীয়ে অতিথি শিল্পী হিচাপে অভিনয় কৰিছে।

ছবিখনত সকলোৱে উন্নত মানদণ্ডৰ কাম কৰিছে। ব্লেক মেজিক ৬ কে প্ৰ’ কেমেৰাৰে ‘কি কোৱা, দোস্তি’ৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হৈছে। প্ৰথমবাৰৰ বাবে অসমীয়া ছবিক এক উজ্জ্বল তথা ৰঙীন ৰূপ দিবলৈ ‘এমুথি পুথি’ৰ পৰিচালক কুলনন্দিনী মহন্তই প্ৰযোজনা ডিজাইনাৰ হিচাপে কাম কৰিছে। ‘লোকেল উৎপাত’ৰ নায়িকা পুনম গুৰুঙে সাজ-পাৰ ‘ষ্টাইলিষ্ট’ হিচাপে কাম কৰিছে। কেমেৰা সুৰজ ডেকাৰ।

ছবিখনৰ সন্দৰ্ভত ‘আমিষ’ খ্যাত ড০ লিমা দাসে কয়,“যদি আপোনাৰ প্ৰেম, হাঁহি আৰু বন্ধুত্ব প্ৰিয়, তেন্তে আপুনি ‘কি কোৱা, দোস্তি…!’ চাবই লাগিব।” ছবিখনৰ উৎপত্তি সম্পৰ্কে কেনীয়ে কয়,“মই সদায় ‘ফ্ৰেণ্ডজ’ৰ দৰে টিভি শ্ব’বোৰৰ অনুভূতিক চলচিত্ৰৰ জৰিয়তে পুনৰ সৃষ্টি কৰিব বিচাৰিছিলো, যাক দৰ্শকে বাৰে বাৰে উপভোগ কৰিব পাৰে। ‘কি কোৱা দোস্তি…!’ এই দিশতেই এক প্ৰয়াস, এইখন ছবিখন আপুনি বন্ধু আৰু পৰিয়ালৰ সৈতে বাৰে বাৰে চাব পাৰে আৰু প্ৰতিবাৰেই উপভোগ কৰিব পাৰে।”

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu