মুম্বাই, ২৬ নৱেম্বৰ, সংবাদ ৩৬৫: আজি ২৬/১১। ১১টা বছৰ সম্পূৰ্ণ কৰিলে অভিশপ্ত মুম্বাই আক্ৰমণৰ। এই কলা দিনটো দেশবাসীয়ে আজিও পাহৰিব পৰা নাই। আজিৰ দিনটোতেই অৰ্থাৎ ২০০৮ চনৰ ২৬ নৱেম্বৰৰ দিনা মুম্বাইৰ কেবাটাও স্থানত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দহটা সন্ত্রাসবাদীয়ে চলোৱা নিৰ্বিচাৰ আক্ৰমণত ১৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাই। মুম্বাইৰ তাজ হোটেলত চলা আক্ৰমণত ৩১ জন লোক নিহত হৈছিল। ইফালে সৰ্বাধিক লোক ছট্ৰপতি শিৱাজী টাৰ্মিনাছ আক্ৰমণত নিহত হৈছিল।

নিৰাপত্তা বাহিনীৰ প্ৰত্যাক্ৰমত ৯টা সন্ত্রাসবাদীয়েও প্ৰাণ হেৰুৱায়। নিহত সন্ত্রাসবাদী কেইটাৰ ভিতৰত জীৱিত আছিল আজমল কাছভ। কিন্তু পৰৱৰ্তী সময়ত আজমলক ফাঁচী দিয়া হয়। এই আক্ৰমণৰ মূল অভিযুক্ত হাফিজ ছয়িদ। তেওঁৰ নেতৃত্বতে হৈছিল এই আক্ৰমণ। আজিও মুকলি আকাশৰ তলত মূল অভিযুক্ত হাফিজ ছয়িদ।

মুম্বাই আক্ৰমণত প্ৰাণ হেৰুৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনায় বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে।