নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ নৱেম্বৰ : চিকিৎসালয়ত ভৰ্তি এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমল। হোজাইৰ হাম চিকিৎসালয়ত জ্বৰ, মধুমেহ আৰু শ্বাস–প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে এ আই ইউ ডি এফৰ নেতাগৰাকী।

যোৱা দেওবাৰেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আজমলক। অৱশ্যে সম্প্ৰতি পূৰ্বৰ কিছু উন্নতি ঘটিছে স্বাস্থ্যৰ।

সম্পূৰ্ণ ভাল নোহোৱালৈকে চিকিৎসালয়তে থাকিব বুলি জানিবলৈ দিছে চিকিৎসকে ।

নেতাজনৰ স্বাস্থ্যৰ সম্পৰ্কে জানিবলৈ সোমবাৰে নিশা চিকিৎসালয়ত উপস্থিত হয় আজমলৰ ভাতৃ, প্ৰাক্তন বিধায়ক পুত্ৰকে ধৰি বহু লোক ।