জম্মু-কাশ্মীৰ, ৩০ অক্টোবৰ: জম্মু–কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তনৰ পিছৰে পৰা ধাৰাবাহিকভাৱে সন্ত্ৰাসবাদীয়ে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰি আহিছে। বিগত ১৫ দিনত ১১জন লোকক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে। মঙ্গলবাৰেও সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ কুলগামত চলোৱা আক্ৰমণত প্ৰাণ গ’ল ৫ জন পশ্চিমবঙ্গৰ শ্ৰমিকৰ। সন্ত্ৰাসবাদীয়ে হত্যা কৰা এই শ্ৰমিক ৫ জন আছিল পশ্চিম বংগৰ মুৰ্ছিদাবাদত। জম্মু–কাশ্মীৰত দিন হাজিৰা কৰি পৰিয়াল চলাইছিল লোককেইজনে। নিহত শ্ৰমিককেইজনৰ নাম মুছলিম শ্বেখ, কমৰউদ্দিন শ্বেখ, ৰফিক শ্বেখ, নাইম উদ শ্বেখ আৰু ৰফিকুল বুলি জানিব পৰা গৈছে। ইফালে সন্ত্ৰাসবাদীৰ এই আক্ৰমণত কথামপি প্ৰাণ ৰক্ষা পৰে জহুৰ উদ্দিন নামৰ এজন শ্ৰমিকৰ।

উল্লেখযোগ্য যে মঙ্গলবাৰে এখন বিদ্যালয়ৰ সন্মুখত নিৰাপত্তাত নিয়োজিত নিৰাপত্তাৰক্ষীক আক্ৰমণ কৰে সন্ত্ৰাসবাদীয়ে।