নুৰদ্দিনৰ

বিলাসীপাৰা : বিলাসীপাৰাৰ যুৱতীক হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে আৰক্ষীয়ে। বিলাসীপাৰা হাকামা, কামাৰপাৰা গাঁৱৰ এগৰাকী ২০ বছৰীয়া যুৱতীক হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিলে ধুবুৰী আৰক্ষীয়ে। বিয়াৰ প্ৰলোভনেৰে মানৱ সৰবৰাহকাৰীয়ে যুৱতী গৰাকীক বিক্ৰী কৰিছিল হাৰিয়ানাত।

ড্ৰাগছ বিৰুদ্ধে অসম আৰক্ষীয়ে জেহাদ ঘোষণা কৰি ৰাজ্যখনক ড্ৰাগছ মুক্ত কৰাৰ বাবে অভিযান তীব্রতৰ কৰি তোলাৰ সমান্তৰালে আৰক্ষী কঠোৰ হৈছে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধেও। বৃহত দুমাহত অসম আৰক্ষীয়ে মানৱ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই কেইবাজনো মানৱ সৰবৰাহকাৰীক জালত পেলাবলৈ সক্ষম হোৱাৰ লগতে উদ্ধাৰ কৰিছে বহু মানৱ সৰবৰাহৰ বলি হোৱা যুৱতী, মহিলাৰ লগতে শিশুক।

কিছুদিন পূৰ্বে অসম আৰক্ষীয়ে ছিক্কিমৰ পৰা উদ্ধাৰ কৰিছিল ৪০ গৰাকী শিশুৰ লগতে ২ গৰাকী যুৱতী। ইয়াৰ পিছতে পুনৰ অন্য এক সাফল্য লাভ কৰিছে অসম আৰক্ষীয়ে। মানৱ সৰবৰাহৰ বলি হোৱা ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত বয়জেৰ আলগা ৩য় খণ্ড গাঁৱৰ এগৰাকী যুৱতীক হাৰিয়ানাৰ পৰা উদ্ধাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে।

প্ৰায় তিনিমাহ মান পূৰ্বে কাজাইকাটা ৩য় খণ্ড গাঁৱৰ আবুল কালাম আৰু লাল চান নামৰ মানৱ সৰবৰাহকাৰীয়ে বিয়াৰ প্ৰলোভনেৰে যুৱতী গৰাকীক হাৰিয়ানাত এক লাখ দহ হেজাৰ টকাত বিক্ৰী কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। যুৱতী গৰাকীৰ পৰিয়ালৰ লোকে মানৱ সৰবৰাহকাৰী আবুল কালাম আৰু লাল চানৰ বিৰুদ্ধে বিলাসীপাৰা আৰক্ষী নিৱেশত গোচৰ ৰুজু কৰিছিল।

উক্ত গোচৰ ভিত্তিত নায়েৰ আলগা উপ আৰক্ষী চকীৰ এচ আই আলকাছ ৰহমান আৰু বিলাসীপাৰা আৰক্ষী নিৱেশৰ উপ আৰক্ষী বিষয়া, উজ্জল পেগুৰ লগতে পাঁচ জনীয়া আৰক্ষীৰ দল এটাই গোপন খবৰৰ ভিত্তিত হাৰিয়ানাৰ আদামপুৰ মন্দি গাঁৱত অভিযান চলাই বিলাসীপাৰাৰ যুৱতীক গৰাকীক উদ্ধাৰ কৰাৰ লগতে অসমৰ অন্য দুগৰাকী যুৱতীকো উদ্ধাৰ কৰে।

জানিব পৰা মতে অভিযানকাৰী আৰক্ষীৰ দলটো হাৰিয়ানাৰ লগতে ৰাজস্থানত অসমৰ যুৱতীক উদ্ধাৰ কৰাৰ বাবে বৰ্তমানেও তীব্ৰ অভিযান অব্যাহত ৰাখিছে। ইফালে মানৱ সৰবৰাহকাৰী দুজন বৰ্তমান পলাতক অৱস্থাত আছে। মানৱ সৰবৰাহকাৰী দুজনে বহিঃৰাজ্যত আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছে।