মামুন আলী

কোকৰাঝাৰ : কিছুদিন পূৰ্বে মৰিগাঁও জিলাত এগৰাকী ৯ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰি হত্যা কৰিছিল এজন ৬৫ বছৰীয়া বৃদ্ধই। চৈয়দ আলী ওৰফে পঠা নামৰ ৬৫ বছৰীয়া এজন বৃদ্ধই ৯ বছৰীয়া কন্যা শিশুক ধর্ষণ কৰি হত্যা কৰা ঘটনাই ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

এইবাৰ কোকৰাঝাৰ জিলাত সংঘটিত হৈছে অনুৰূপ ধৰণৰ ঘটনা। কোকৰাঝাৰত ৬৫ বছৰীয়া এজন বৃদ্ধই ধর্ষণ কৰিলে ১৬ বছৰীয়া মুকবধি কিশোৰীক। ৬৫ বছৰীয়া নগেন দাস নামৰ এজন বৃদ্ধ লম্পটে ধৰ্ষণ কৰিলে কোকৰাঝাৰ জিলাৰ অন্তৰ্গত ছালাকাটি উপ আৰক্ষী চকীৰ অন্তৰ্গত নয়াছাৰা ৩য় খণ্ড গাঁৱৰ মুকবধি কিশোৰী গৰাকীক।

মঙলবাৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি ৬৫ বছৰীয়া নগেন দাস নামৰ লম্পট বৃদ্ধ জনে মুকবধি কিশোৰী গৰাকীক ধর্ষণ কৰে। স্থানীয় ৰাইজে হাতে লোতে বৃদ্ধ গৰাকীক আটক কৰি আৰক্ষীক গতাই দিয়ে৷ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দি লম্পট বৃদ্ধজনৰ ফাঁচীৰ দাবী জনাইছে এবিএমছুএ কোকৰাঝাৰ জিলা সমিতিয়ে।