গুৱাহাটী, ২১ অক্টোবৰ, ২০২৩ : গুৱাহাটী মহানগৰীৰ দুৰ্গত, অসহায় তথা গৃহহীন লোকসকলৰ বাবে বিনামূলীয়াকৈ খাদ্য (Free Food) যোগান ধৰি অহা অসমৰ আগশাৰীৰ বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ “আহাৰ” শীৰ্ষক কাৰ্যসূচীয়ে এদিনো বিৰতি নোহোৱাকৈ সম্পূৰ্ণ কৰিলে ৯০০ দিন। ক’ভিড মহামাৰীৰ সময়ৰ পৰাই অৰ্থাৎ ২০২১ চনৰ ১৯ এপ্ৰিলৰ পৰা “ফাইটিং হাংগাৰ, ফিডিং ফিউচাৰ” শীৰ্ষক মূল বাণীৰে কেয়াৰ ইউ ৩৬৫ এ এই অভিযান আৰম্ভ কৰিছিল।

উদ্দেশ্য আছিল ক’ভিড মহামাৰীৰ সময়ত পদপথত আৱদ্ধ হৈ পৰা আৰু গৃহ আছুতীয়াকৰণত থকা লোকসকলক খাদ্য যোগান ধৰা। মহামাৰীয়ে বিপৰ্যস্ত কৰা সময়তো যাতে পদপথৰ লোকসকলে অস্পৃশ্যতাৰ চিকাৰ হৈ লঘোনে থাকিবলগীয়া নহয়, সেয়া সুনিশ্চিত কৰাৰ বাবে কেয়াৰ ইউ ৩৬৫ ৰ সৈতে জড়িত এদল উচ্চ শিক্ষিত যুৱক আৰু স্বেচ্ছাসেৱীয়ে মহামাৰীৰ ভয়াবহতাৰ মাজতো জীৱনৰ প্ৰতি থকা ভাবুকিৰ প্ৰত্যাহ্বানকো নেওচি এইসকল লোকৰ বাবে ওলাই আহিছিল।

ক’ভিড মহামাৰীৰ অন্ত পৰিল যদিও বেচৰকাৰী সংস্থাটোৱে “আহাৰ” কাৰ্যসূচী শেষ নকৰিলে। সেই দিন ধৰি এদিনো বিৰতি নোহোৱাকৈ এই অভিযানৰ অধীনত পদপথৰ তিনি শতাধিক লোকৰ বাবে খাদ্য যোগান ধৰি থকা হৈছে। প্ৰথম অৱস্থাত এই যাত্ৰাৰ আৰম্ভণি সংস্থাই অকলে কৰিছিল যদিও পৰৱৰ্তী সময়ত ৰাজমল কমলচান্দ ছেথিয়া ছেৰিটেবল ট্ৰাষ্ট, ৰাউণ্ড টেবল ইণ্ডিয়া আৰু তেওঁলোকৰ সহযোগী সংস্থাসমূহে সহায়ৰ হাত আগবঢ়ায়। তেতিয়াৰে পৰাই সংস্থাই এবাৰো নোৰোৱাকৈ এই কাৰ্যসূচী অব্যাহত ৰাখিছে।

উল্লেখ্য যে এই কাৰ্যসূচী সফল কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা আছে কেয়াৰ ইউ ৩৬৫ ৰ সভাপতি গৰাকীৰ মাতৃ সবিতা বৰঠাকুৰৰ যাৰ নেতৃত্বত আৰম্ভণিৰে পৰাই এই “আহাৰ” কাৰ্যসূচীয়ে এক অনন্য সফলতা লাভ কৰি আহিছে। এইগৰাকী মহিলাৰ ত্যাগ আৰু মহানুভৱতাৰ বাবেই এদিনৰ বাবেও “আহাৰ” কাৰ্যসূচীত বিৰতি অহা নাই। এই কাৰ্যসূচী ভৱিষ্যতলৈও অব্যাহত ৰখাৰ ক্ষেত্ৰত সংস্থাই ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

স্মৰ্তব্য যে বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ এ ১১ বছৰৰো অধিক সময় সমাজৰ সকলো শ্ৰেণীৰ লোক বিশেষকৈ বিশেষভাৱে সক্ষম লোক আৰু সমাজৰ বঞ্চিত শিশুসকলৰ কল্যাণৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি আহিছে। আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীসকলক পুনৰ বিদ্যালয়লৈ ওভতাই অনাৰ বাবে সংস্থাৰ উদ্যোগত “স্কুল ৱাপছি” কাৰ্যসূচী ৰূপায়ন কৰি থকা হৈছে।