হাটশিঙিমাৰী, ২২ অক্টোবৰ, ২০২৩ : পূজাৰ উখল মাখল পৰিৱেশৰ সুযোগ লৈছে ড্ৰাগছ ব্যৱসায়ীয়ে (Drugs Seized)। আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ দুজন ড্ৰাগছ ব্যৱসায়ী। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। অভিযানকালত ড্ৰাগছ ব্যৱসায়ী দুজনৰ কবলৰ পৰা জব্দ ৩৩ টা সন্দেহযুক্ত হেৰ’ইন ভৰ্তি কণ্টেইনাৰ। অধিক তথ্যৰ বাবে ড্ৰাগছ ব্যৱসায়ী দুজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। প্ৰতিদিনে আৰক্ষীৰ জালত ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী পৰি আছে যদিও এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ড্ৰাগছৰ বেহা।

ৰাজ্যজুৰি পূজাৰ উখল মাখল পৰিৱেশ। পূজাৰ এই উখল মাখল পৰিৱেশৰ সুযোগ লৈ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই যোৱাৰ চেষ্টা ড্ৰাগছ ব্যৱসায়ী সকলৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ বিভিন্ন অঞ্চলত একাংশ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ বেহা চলাই আছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাত ড্ৰাগছৰ অবাধ প্ৰচলনে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে। ইয়াৰ মাজতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰা অব্যাহত ৰাখিছে। এইবাৰ ড্ৰাগছ বিৰোধী অভিযান চলাই খাৰুৱাবান্ধা আৰক্ষীয়ে দুজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ আৰক্ষীৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষীও প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীক জালত পেলাবলৈ সক্ষম হৈছে যদিও আৰক্ষীক কেৰেপ নকৰি একাংশ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীয়ে নতুন নতুন কৌশলৰ অৱলম্বন কৰি ড্ৰাগছৰ সৰবৰাহ আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই গৈছে। এইবাৰ জিলাখনৰ হাটশিঙিমাৰীৰ খাৰুৱাবান্ধা আৰক্ষীয়ে এক ড্ৰাগছৰ বিৰোধী অভিযান চলাই দুজন ড্ৰাগছ ব্যৱসায়ীক জালত পেলাবলৈ সক্ষম হৈছে। ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে খাৰুৱাবান্ধা আৰক্ষী চকী এলেকাৰ কানাইমাৰা গাঁৱৰ আজগৰ আলী আৰু মানকাচৰ থানা এলেকাৰ কদমতলিগাঁৱেৰ মহিবুল ইছলাম।

আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনৰ কবলৰ পৰা সন্দেহযুক্ত হিৰ’ইনৰ ৩৩ টা কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়। শনিবাৰে নিশাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত খাৰুৱাবান্ধা আৰক্ষী চকীৰ ভাৰপাপ্ত আৰক্ষী বিষয়া গীতাৰ্থ দেৱনাথৰ নেতৃত্বত আৰক্ষীৰ এটা দলে আজগৰ আলীৰ ঘৰত তালাচী চলাই এই সন্দেহযুক্ত হিৰ’ইনৰ কণ্টেইনাৰ কেইটা জব্দ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি খাৰুৱাবান্ধা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী দুজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।