ৰঙিয়া, ২০ অক্টোবৰ, ২০২৩ : এইবাৰ পাচলি ব্যৱসায়ী নামিল ড্ৰাগছৰ ব্যৱসায়ত। পাচলিৰ লগতে বিক্ৰী কৰি আছিল ড্ৰাগছ। আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰিলে পাচলি ব্যৱসায়ীজনক। ধৃত পাচলি ব্যৱসায়ীজনৰ কবলৰ পৰা জব্দ ১৮ টা কন্টেইনাৰত ৫.৫৩ গ্ৰাম নিষিদ্ধ হেৰ’ইন (Drugs Seized)। অধিক তথ্যৰ বাবে পাচলি ব্যৱসায়ীজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। আৰক্ষীৰ ধাৰাবাহিক সাফল্যৰ মাজতো একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছ সৰবৰাহৰ কৌশল সলনি কৰি ড্ৰাগছৰ সৰবৰাহ অব্যাহত ৰাখিছে। প্ৰতিদিনে আৰক্ষীৰ জালত ড্ৰাগছসহ ড্ৰাগছ সৰবৰাহকাৰী পৰি আছে যদিও এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি আছে ড্ৰাগছৰ বেহা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কামৰূপ জিলাৰ ৰঙিয়াৰ বিভিন্ন অঞ্চলত একাংশ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ী আৰক্ষীৰ চকুত ধূলি দি ড্ৰাগছৰ বেহা চলাই আছে। ৰঙিয়া অঞ্চলত ড্ৰাগছৰ অবাধ প্ৰচলনে সচেতন মহলত উদ্বিগ্ন কৰি তুলিছে। ইয়াৰ মাজতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানৰ ধাৰা অব্যাহত ৰাখিছে। এইবাৰ ড্ৰাগছ বিৰোধী অভিযান চলাই ৰঙিয়া আৰক্ষীয়ে এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক হেৰ’ইনসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ আৰক্ষীৰ লগতে ৰঙিয়া আৰক্ষীও প্ৰতিদিনেই ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীক জালত পেলাবলৈ সক্ষম হৈছে যদিও আৰক্ষীক কেৰেপ নকৰি একাংশ ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীয়ে নতুন নতুন কৌশলৰ অৱলম্বন কৰি ড্ৰাগছৰ সৰবৰাহ আৰু ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই গৈছে। কৌশল সলনি কৰি দীর্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই থকা এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী এইবাৰ ৰঙিয়া আৰক্ষীৰ জালত পৰিছে।

ৰঙিয়া আৰক্ষীৰ জালত পৰা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজন হৈছে ৰঙিয়াৰ উদিয়ানাৰ আবু বাক্কাৰ ছিদ্দিক। ৰঙিয়া থানাৰ টাউন পৰিদৰ্শক সমৰজ্যোতি ডেকাৰ নেতৃত্বত এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীৰ এটা দলে এক অভিযান চলাই ৰঙিয়া উদিয়ানাৰ পৰা আটক কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ীজনক। উদিয়ানাৰ চকত এখন পাচলিৰ দোকান দি কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবু বাক্কাৰ ছিদ্দিকে গোপনে চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।

অৱশেষত ৰঙিয়া আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আবু বাক্কাৰ ছিদ্দিকক। পাচলি দোকানখনৰ পৰা ড্ৰাগছসহ আৰক্ষীয়ে কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আব্বু বাক্কাৰ ছিদ্দিকক। ড্ৰাগছ ব্যৱসায়ীজনৰ পৰা ১৮ টা কন্টেইনাৰত ৫.৫৩ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰি আৰক্ষীয়ে।অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে। উল্লেখ্য যে ৰঙিয়া চহৰত ড্ৰাগছৰ অবাধ।প্ৰচলনকৈ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল। এক প্ৰকাৰ ড্ৰাগছৰ ঘটিত পৰিণত হৈছে ৰঙিয়া চহৰ।