নলবাৰী, সংবাদ ৩৬৫, ২৩ আগষ্ট : শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে শান্তি সম্প্ৰীতিৰ বাৰ্তা বিলাই নলবাৰীৰ উলাবৰিত হিতসাধিনী পুথিভঁৰালৰ উদ্যোগত অনুষ্ঠিত হৈছে ঐতিহাসিক নাওখেল । মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিয়া এই নাওঁ খেল পুৱা উদ্বোধন কৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে ।
ইয়াৰ পিছতে নাওঁ খেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । এই নাওখেলৰ লগতে শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে স্থানীয় বিধায়ক নাৰায়ণ ডেকাৰ সভাপতিত্বত এখন মুকলি সভাও অনুস্থিত হয় । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত এই সভাত উপস্থিত থাকে ৰাজহ মন্ত্ৰী ভবেশ কলিতা, অসম খাদী বোৰ্ড অধ্যক্ষ ডাঃ কমলা কলিতা , সাংসদ কুইন ওজা , বিধায়ক প্ৰশান্ত ফুকন , বিজেপি নেতা শান্তনু ভড়ালী।
বিধায়ক প্ৰশান্ত ফুকনে শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ উন্মোচন কৰে । শ্ৰী কৃষ্ণ জন্মাষ্টমি উপলক্ষ্যে এই সভাত ভাষণ দি “পানী হৈছে সকলো শক্তিৰ উৎস , গতিকে আমি নদী সংৰক্ষণ কৰিব লাগিব আৰু নৈ পৰীয়া সংস্কৃতি সংৰক্ষণ কৰিব লাগিব ” বুলি ব্যক্ত কৰে মুখ্যমন্ত্ৰীয়ে । অসমত বহু শক্তি, সম্পদ আৰু সম্ভাৱনা আছে বুলি কোৱাৰ লগতে এই শক্তি, সম্পদ আৰু সম্ভাৱনাৰ প্ৰকৃত ব্যৱহাৰ হব লাগিব বুলিও মুখ্যমন্ত্ৰী য়ে ব্যক্ত কৰে । কৃষ্ণ সংস্কৃতিৰ মূল হ’ল কৰ্ম সংস্কৃতি, এই কৰ্ম সংস্কৃতিক নিষ্ঠা সহকাৰে প্ৰতিস্থা কৰিবলৈও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আহ্বান জনায় ।