বৰপেটা, সংবাদ ৩৬৫, ২৩ আগষ্ট : মহাপ্ৰভু গৰখীয়া গোসাঁই থানত বছৰেকত ৬ টা উৎসৱক থানৰ মূল পৰ্ব হিচাপে পালন কৰা হয় । থানৰ পৰ্ব কেইটা হৈছে ক্ৰমে-বহাগ বিহু, জাগৰন, শ্ৰীকৃষ্ণৰ জন্মাষ্টমী, ৰাস উৎসৱ, মাঘ বিহু আৰু দৌল উৎসৱ৷ প্ৰতি বছৰ দৰে এইবেলিও পৰম্পৰাগতভাৱ গৰখীয়া থানত পালন কৰা হৈছে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী৷ পুৱাৰ পৰাই ভক্তৰ সমাগম ঘটিছে থানখনত৷ সকলোয়ে পূজা-অৰ্চনা কৰিছে ।

ভক্তগণে জানিবলৈ দিয়া অনুসৰি গৰখীয়া থানত পূজা-অৰ্চনা কৰিলে মনৰ কামনা পূৰন হয় । থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদকে জানিবলৈ দিছে যে,এইবেলি ৭০ ৰ পৰা ৮০ হাজাৰ ভক্তৰ সমাগম হোৱাৰ লগতে ভক্তৰ সুবিধাৰ্থে চিকিৎসা, বিশুদ্ধ খোৱাপানী সকলো ব্যৱস্থা কৰিছে ।

ইফালে বৰনগৰ অমৰনাথ যাত্ৰী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ বৰনগৰ খণ্ড আৰু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বৰনগৰ শাখাই ৰাইজৰ মাজত বিতৰণ কৰিছে, বিনামূলীয়া খিচাৰী, নেমু চৰ্বত, চাহ আৰু বিশুদ্ধ খোৱা পানী৷