গুৱাহাটী : লাক্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ উদ্যোগত অনুষ্ঠিত হয় অ এন এন ডীলাৰ মিট (ONN dealers Meet)। কোম্পানীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিতৰক গুড ভেল্যু মাৰ্কেটিং,পদ্মাবতী এন্টাৰপ্ৰাইছ, শুভম ডিষ্ট্ৰীবিউটৰ আৰু জি এছ এল এন্টাৰপ্ৰাইছৰ সহযোগত গুৱাহাটীৰ নৱতল হোটেলত আয়োজন কৰা এই ডীলাৰ মিটত ভেষ্ট, ব্ৰিফ,ট্ৰাংকছ, বক্সাৰ ছুটছ,লাংগাৰ, টি-চাৰ্টছ,শোক্সকে আদি কৰি বিভিন্ন সামগ্ৰী উত্তৰ পূৱৰ বজাৰৰ বাবে মুকুলি কৰা হয়।
অনুষ্ঠানটোত ডিষ্ট্ৰীবিউটৰ আৰু ডীলাৰ সকলোৰ সৈতে ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে। একেদৰে কেইবাটাও আঁচনি মুকুলি কৰা হয়। অনুষ্ঠানটোত লাক্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ সঞ্চালক ছকেত টোডি, বিছনেছ হেড সঞ্জয় মিট্টাল, স্থানীয় এজেণ্ট সুনীল বোথ্ৰাৰ লগতে কোম্পানীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিতৰক গুড ভেল্যু মাৰ্কেটিঙৰ বিমল কুমাৰ বাইদ, ৰণজিৎ বোথ্ৰা, যশ বোথ্ৰা, পদ্মাৱতী ইন্টাৰপ্ৰাইছৰ প্ৰবীণ দুগাৰ, শুভম ডিষ্ট্ৰিবিউটৰৰ সুভম আগৰৱাল আৰু জি এছ এল এণ্টাৰপ্ৰাইছৰ অশ্বিনী মুন্দ্ৰা উপস্থিত থাকে।
সন্মিলনত উত্তৰ পূৱৰ ৫০ জনৰো অধিক ডিলাৰে অংশগ্ৰহণ কৰে। মুকুলি কৰা নতুন পোছাক সমূহ সকলোৱে প্ৰশংসা কৰে আৰু গ্ৰহকৰ পৰা বিশেষ সহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে।