গুৱাহাটী : অৱশেষত আৰক্ষীয়ে ৰঞ্জিত বৰা হত্যাকাণ্ডৰ (Ranjit Bora Murder) লগত জড়িত হত্যাকাৰীক জালত পেলাবলৈ সক্ষম হ’ল। ৬ জনীয় ডকাইতৰ দল এটাই ৰঞ্জিত বৰাক হত্যা কৰি লুটি নিছিল নগদ ধন। শ্বাহ আলম তালুকদাৰে শূণ্য দূৰত্বৰ পৰা গুলীয়াইছিল ৰঞ্জিত বৰাক। গুৱাহাটী মহানগৰীৰ মাজমজিয়া পাঞ্জাবাৰীত সংঘটিত হৈছিল এই ঘটনা।

যোৱা বছৰ ২১ নৱেম্বৰত গুৱাহাটীৰ পাঞ্জাবাৰীত ডকাইতৰ দল এটাই ৰঞ্জিত বৰা নামৰ এজন লোকক তেওঁৰ বাহনতে শূণ্য দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰি লুটি নিছিল নগদ ধন। পঞ্জাবাৰীৰ পূৰবী ডায়েৰীৰ সন্মুখত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতিকাণ্ডৰ ঘটনা। ৰঞ্জিত বৰা আছিল পূৰবী ডায়েৰীৰ ডিষ্ট্ৰিবিউটৰ আৰু বেংকত ধন জমা কৰিবলৈ যাওঁতে তেওঁক ডকাইতৰ দলে হত্যা কৰি ধন লুটি নিছিল।

দীৰ্ঘসময় ধৰি ৰঞ্জিত বৰা হত্যাকাণ্ডৰ তদন্ত চলাই অৱশেষত আৰক্ষীয়ে এই হত্যাকাণ্ডৰ অভিযুক্ত সকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল। দেওবাৰে মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই এক সংবাদমেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ে যে ৬ জনীয়া ডকাইতৰ দল এটা এই ঘটনাৰ লগত জড়িত। ইয়াৰে ৫ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ৰঞ্জিত বৰা হত্যাকাণ্ডৰ লগত জড়িত অভিযুক্ত কেইজন হৈছে শ্বাহ আলম তালুকদাৰ, সজল আলী, জয়দেৱ মহন্ত, জিতুমণি বৰ্মন আৰু হৰেন পাটগিৰি।

ইয়াৰে শ্বাহ আলম তালুকদাৰে শূণ্য দূৰত্বৰ পৰা ৰঞ্জিত বৰাক গুলীয়াইছিল বুলি মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জানিবলৈ দিয়ে। ডকাইতিকাণ্ড সংঘটিত কৰাৰ কেইবাদিন পূৰ্বৰে পৰা ডকাইতৰ দলটোৱে ৰঞ্জিত বৰাৰ গতিবিধি নিৰীক্ষণ কৰি আছিল বুলিও মহানগৰ আৰক্ষী আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। শ্বাহ আলম তালুকদাৰ আৰু সজাল আলী বাইকেৰে আহি ৰঞ্জিত বৰাক গুলীয়াই ধনৰ বেগ লুটি নিছিল। সজল আলীয়ে বাইকন চলাইছিল আৰু শ্বাহ আলম তালুকদাৰে গুলীয়াইছিল।

শ্বাহ আলম তালুকদাৰ হাজোৰ বাসিন্দা আৰু সাতগাঁও অঞ্চলত শ্বাহ আলম তালুকদাৰৰ এখন ব্যক্তিগতখণ্ডৰ বিদ্যালয়ও আছে। আৰক্ষীয়ে ইতিমধ্যে হত্যাকাণ্ডত ব্যৱহাৰ হোৱা বাইক জব্দ কৰিছে যদিও গুলী চালনা কৰা পিষ্টল এতিয়াও জব্দ হোৱা নাই। এই ডকাইতি আৰু হত্যাকাণ্ডৰ লগত জড়িত এজন অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থা আছে। আৰক্ষীয়ে তদন্তৰ খাতিৰত অভিযুক্তজনৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত থাকে।