নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অব্যাহত আছে দেশজুৰি প্ৰতিবাদ । মঙলবাৰে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বত পুৱা ১১ বজাৰে পৰা ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

ডিব্ৰুগড়ৰ চৌকিডিঙিত কাৰ বিৰুদ্ধে বিশাল গণ সমাৱেশ।
লক্ষাধিক লোক ওলাই আহিছে বিভিন্ন স্থানৰ পৰা ।

গুৱাহাটীৰ মালিগাঁৱতো কাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি বিপ্লৱী অসমীয়াৰ গৰ্জন নামৰ এক প্ৰতিবাদী সভা। সভাত উপস্থিত থাকে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতা, দল-সংগঠন আৰু শিল্পী সমাজ ।

তেজপুৰৰ নেহৰু ময়দানতো আয়োজন কৰা হয় কাৰ বিৰুদ্ধে গণ সমাৱেশ। এই কাৰ্যসূচীত উপস্থিত থাকে আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে নেছ’ৰ সভাপতি আৰু সম্পাদক । উক্ত কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে কন্ঠশিল্পী জুবিন গাৰ্গৰ লগতে আন শিল্পীসকলেও ।