নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩ ডিচেম্বৰ : সোমবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ঝাৰখণ্ডৰ বিধানসভাৰ ভোটগণনা । মুঠ ৮১ টা সমষ্টিৰ গণনা কৰা হৈছে ভোট। ভোটগণনা কেন্দ্ৰত কৰা হৈছে প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা।

বাতৰি লিখা পৰলৈকে ৪৬ খন আসনেৰে আগবাঢ়ি আছে কংগ্ৰেছ-জেএমএম মিত্ৰজোঁট ।

ইফালে বিজেপিয়ে ২৪ খন আসনৰ বিপৰীতে ১১ খন আসনেৰে আগবাঢ়ি আছে অন্যান্য ।

এইখিনিতে উল্লেখ কৰিব পাৰি যে চৰকাৰ গঠন কৰিবলৈ হ’লে ৮১ খন বিধানসভা আসনৰ ৰাজ্যত প্ৰয়োজন হ’ব মুঠ ৪১ খন আসনৰ ।

এইফালৰ পৰা চাবলৈ গ’লে ৰাজ্যখনত কংগ্ৰেছ-জেএমএম মিত্ৰজোঁটৰ চৰকাৰ গঠনৰে আশা কৰিব পাৰি ।