গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ : “কা”ৰ বিৰুদ্ধে আছুৰ উদ্যোগত ৩০ টা সংগঠনৰ গণ সত্যাগ্ৰহ। গণ সত্যাগ্ৰহত অংশগ্ৰহণৰ বাবে যাওঁতেই দীঘলীপুখুৰীৰ পাৰৰ পৰা আটক কৰে দুশৰো অধিক প্ৰতিবাদকাৰীক। এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল বৃদ্ধৰ পৰা শিশুলৈ। লতাশিলৰ পৰা উপায়ুক্তৰ কাৰ্য্যালয়লৈ যাওঁতেই আটক কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে আটক কৰে আছুৰ উপদেষ্টা আৰু সম্পাদক সমুজ্জল ভট্টাচাৰ্য আৰু লুৰিনজ্যোতি গগৈক।

সংবাদ মাধ্যমৰ আগত সমুজ্জল ভট্টাচাৰ্য কয় যে, গ্ৰেপ্তাৰে আমাৰ আন্দোলন স্তব্ধ কৰিব নোৱাৰে। হয় কা বাতিল কৰক নহয় আমাক গ্ৰেপ্তাৰ কৰক।

ইফালে অখিল গগৈৰ গ্ৰেপ্তাৰকো গৰিহণা দিয়ে আছুৰ উপদেষ্টা সমুজ্জল ভট্টাচাৰ্যই।

সম্পাদক লুৰিনজ্যোতি গগৈয়ে কয় যে, কা বাতিল হব লাগিব। লক্ষ্য স্পষ্ট। অসমৰ মুখ্যমন্ত্ৰী ৰবটলৈ পৰিৱৰ্তিত হৈছে।

প্ৰতিবাদকাৰীসকলক আটক কৰি অস্থায়ী কাৰাগাৰলৈ লৈ যোৱা হৈছে যদিও বাতৰি লিখা পাৰলৈ আটক কৰাসকলক সম্প্ৰতি মুকলি কৰি দিয়া হৈছে বুলি জানিবলৈ দিয়ে প্ৰশাসনে।

ইফালে পানীতোলাৰ পৰা তিনিচুকীয়ালৈও খোজ কাঢ়ি সত্ৰীয়া সাজেৰে “কা”ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ওলাই আহিছে।