দিল্লীৰ পৰা সুৰেণ বুঢ়াগোঁ‌হাই, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ : নাগৰিকত্ব সংশোধনী বিধেয়কত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ কৰি আইনত পৰিণত কৰিলে যদিও আইনখনৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনৰ লগতে ৰাজ্যবাসীয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ। দেওবাৰে দেশৰ ৰাজধানী দিল্লীত ইণ্ডিয়া গেটৰ সন্মুখত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে দিল্লীবাসী অসমীয়াই সমাজে। গীত-মাতেৰে প্ৰতিবাদ সাব্যস্ত কৰা সাংস্কৃতিক কাৰ্যসূচীত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰি এই আইনখন অতি শীঘ্ৰে বাতিল কৰাৰ দাবীৰে এক বাৰ্তা প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰলৈ। কেন্দ্ৰ চৰকাৰে অসমবাসী ৰাইজৰ ওপৰত এই বিতৰ্কিত আইনখন জাঁ‌পি দিলেও অসমীয়া ৰাইজে এই আইন কোনো কাৰণতে মানি নলয় বুলি মন্তব্য কৰে নাগৰিকত্ব সংশোধনী আইন বিৰোধী ৰাইজে।

উল্লেখ্য যে অসমৰ লগতে সমগ্ৰ উত্তৰ পূৱত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দেশৰ বিভিন্ন প্ৰান্তৰ ৰাইজে এই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে । ইণ্ডিয়া গেটৰ সন্মুখত দিল্লীবাসী অসমীয়াৰ সহস্ৰাধিক প্ৰতিবাদী জনতা ওলাই আহি সাংস্কৃতিক অনুষ্ঠানেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এক শান্তিপূৰ্ণ পৰিৱেশৰ মাজেৰে শাষণাধিষ্ঠ চৰকাৰলৈ এই আইন বাতিল কৰিবলৈ আহ্বান জনায়। গীত-মাতেৰে ইণ্ডিয়া গেটৰ আকাশ বতাহ কঁপাই তুলে দিল্লীবাসী অসমীয়া ৰাইজে।