শিমলুগুৰি, ৩১ অক্টোবৰঃ শিৱসাগৰৰ লাকুৱাৰ বিশিষ্ট শিক্ষাবিদ তথা লাকুৱা শাখা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি সাহিত্যপ্রাণ খগেশ্বৰ চেতিয়া ফুকনৰ ৮৭তম ওপজা দিন লাকুৱা শাখা সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়৷ লাকুৱা শাখা সাহিত্য সভাৰ  তৰফৰ পৰা সাহিত্যিক গৰাকীক এটা গ্ৰন্থৰ টোপোলা আৰু গামোচাৰে সন্মান  জনোৱা হয়৷ আনহাতে লাকুৱা  উন্নয়ন সমিতিৰ সম্পাদক বিশ্বজিত  টিপমীয়াই এখন চেলেং চাদৰেৰে খগেশ্বৰ  চেতিয়া  ফুকনক সন্মান জনায়৷ সাহিত্যিকগৰাকীয়ে মনৰ অনুভূতি ব্যক্ত কৰি লাকুৱা শাখা সাহিত্য সভাৰ সভাপতি সজ্ঞীৱ  বাইলুং আৰু সম্পাদিকা ৰেখামণি দুৱৰা ৰাজকোঁৱৰৰ  পদক্ষেপৰ শলাগ লয়৷ সাহিত্যপ্রাণ খগেশ্বৰ চেতিয়া ফুকনৰ ওপজা দিনটো পালন কৰি সকলোৱে তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ কামনা কৰে৷