যতীন নাথ

ওদালগুৰি 

১৯ জুলাই

ওদালগুৰি জিলাত পুনৰ উদ্ধাৰ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ। হৰিশিঙা থানাৰ অন্তৰ্গত ২ নং ঘাগ্ৰাত উদ্ধাৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ ৰাজ বড়োৰ নেতৃত্বত চলা এক অভিযানত উদ্ধাৰ হয় এই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ।

দেওবাৰে পুৱতি নিশা ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধিক্ষক বিদ্যুৎ ৰাজ বড়োৰ নেতৃত্বত হৰিশিঙা থানাৰ আৰক্ষী বিষয়া প্ৰেমাংকু হাজৰিকা আৰু ওৰাং থানাৰ আৰক্ষী বিষয়া দিপক দাসৰ সহযোগত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই হৰিশিঙা থানাৰ অন্তৰ্গত ২ নং ঘাগ্ৰাত বৃহৎ পৰিমাণ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে এটা একে-৪৭, এটা এইচকে-৩৩, এটা এম-১৯ ৰাইফলসহ ২৭ ৰাউণ্ড সজীৱ গুলী আৰু চাৰিটা মেগজিন উদ্ধাৰ কৰে। ওদালগুৰি আৰক্ষী অধীক্ষক ৰিপুল দাসে হৰিশিঙা আৰক্ষী থানাত এক সংবাদমেল অনুষ্ঠিত কৰি অভিযান সন্দৰ্ভত জানিবলৈ দিয়ে। উল্লেখ্য যে, যোৱা ২৪ জুনতো ওদালগুৰি থানাৰ অন্তৰ্গত মাজখুটিৰ খেমেন গাঁৱত ওদালগুৰি আৰক্ষীয়ে অভিযান চলাই এটা পুখুৰীৰ কাষত থকা জংঘলৰ মাজত মাটিত পুতি থোৱা অৱস্থাত দুটা একে-৪৭, দুটা একে-৫৬ ৰাইফলসহ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল।

বি টি এ ডি’ৰ চিৰাং জিলাতো জুন মাহৰ ১৫ তাৰিখে আৰক্ষী, সেনা বাহিনী, কব্ৰা বেটেলিঅন আৰু এছ এছ বি’ৰ এক যুটীয়া অভিযানত অসম-ভূটান সীমান্তৰ গভীৰ অৰণ্যত মাটিত পুতি থোৱা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ হৈছিল।