গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : প্ৰতি বছৰৰ দৰে এইবছৰো উত্তৰ-প্ৰদেশৰ আগ্ৰা চহৰত বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক ছাত্ৰ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৬৫ তম ৰাষ্ট্ৰীয় অধিবেশন যোৱা ২৫ নৱেম্বৰৰ পৰা ২৫ নৱেম্বৰলৈ অনুষ্ঠিত হৈ যায়।

সমগ্ৰ দেশৰ পৰা প্ৰায় ১৫০০ শত কৈও অধিক বিদ্যাৰ্থী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰাও ১২২ জন বিদ্যাৰ্থীৰ প্ৰতিনিধিয়ে অধিবেশনখনত অংশগ্ৰহণ কৰে ।

বিভিন্ন বিষয়ৰে সমৃদ্ধ অধিবেশনখনত ৪ টা বিষয়ত প্ৰস্তাৱ গ্ৰহণ কৰে । এই সমগ্ৰ বিষয়ৰ বিষয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদ মেল অনুষ্ঠিত কৰি জানিবলৈ দিয়ে ।

উক্ত অধিবেশনখনত গ্ৰহণ কৰা প্ৰস্তাৱ কেইটা এনেধৰণৰ

-” ৰাজ্যিক বিশ্ব বিদ্যালয় সমন্ধত নিতান্তই আৱশ্যক ” উক্ত প্ৰস্তাৱত ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ বিভিন্ন সমস্যা সমূহ দাঙি ধৰাৰ উপৰিও তাৰ সমাধানৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক দাবী উত্থাপন কৰে ।

– ” বৰ্তমানৰ ৰাষ্ট্ৰীয় পৰিদৃশ্য ” প্ৰস্তাৱত বৰ্তমানত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক, নিবনুৱা সমস্যা শীৰ্ষক বিষয়সমূহ দাঙি ধৰাৰ উপৰিও দেশৰ হ’বলগীয়া এন আৰ চিৰ বিষয়ে প্ৰস্তাৱত দাঙি ধৰা হয়।

– ” ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত জম্মু-কাশ্মীৰ তথা লাডাখত হোৱা অনুকূলতা ” শীৰ্ষক প্ৰস্তাৱত ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ পিছত তাৰ বৰ্তমান পৰিস্থিতিৰ সম্পৰ্কত এক প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

– ” যুগ যুগ ধৰি চলি অহা ৰাম জন্মভূমিৰ বিবাদৰ নিৰ্ণয় প্ৰদানক অভিনন্দন জনায় প্ৰস্তাৱ লোৱা হয় ।

ইয়াৰোপৰি উক্ত অধিবেশনত খাদ্য অপচয় ৰোধৰ বাবে ” জিৰ’ ফুড উৱেটছ ” স্বচ্ছতা বিভিন্ন বিষয়ত প্ৰদৰ্শনীৰ লগতে বিদ্যাৰ্থী পৰিষদৰ আদৰ্শগত যাত্ৰা ” কৰ্মপদ্ধতিৰ প্ৰাসংগিকতা ” , ” মহিলা তথা যুৱ-সমাজ সম্পৰ্কত ভাষণ প্ৰদান কৰাৰ আগন্তুক দিনত ৰাজ্যিক বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ সমস্যা সমন্ধে বিভিন্ন বিষয়ত আন্দোলন আৰু স্মাৰক পত্ৰ প্ৰদান , জালিয়াৱনা বাগৰ ১০০ বৰ্ষ পুতিৰ বাবে সমগ্ৰ দেশৰ কাৰ্যকৰ্ম, স্কুল, বেল শীৰ্ষক বিভিন্ন ধৰণৰ কার্যকৰ্ম কৰাৰ বাবে ঘোষণা কৰা হয় ।