গুৱাহাটী, সংবাদ ৩৬৫, ২৯ নৱেম্বৰ : অসমৰ চৰকাৰৰ শিক্ষা বিভাগে ভেঞ্চাৰ টোলসমূহ প্ৰাদেশিকীকৰণৰ কোনো ধৰণৰ ব্যৱস্থা হাতত নোলোৱাৰ প্ৰতিবাদত সদৌ অসম সংস্কৃত টোল শিক্ষক কৰ্মচাৰী সন্থাৰ তৰফৰ পৰা শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদ মেলাৰ আয়োজন কৰে।

সভাপতি ধীৰেন চন্দ্ৰ শৰ্মাই সংবাদ মেলত কয় যে নিৰ্বাচনৰ সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সভা সমিতিত বিজেপি চৰকাৰ আহিলে অসমৰ ভেঞ্চাৰ বিদ্যালয় ৬ মাহৰ ভিতৰতে প্ৰাদেশিকীকৰণ কৰা হব বুলি লগতে অসমত কোনো ভেঞ্চাৰ বিদ্যালয় নাথাকিব বুলি ভাষণত প্ৰতিশ্ৰুতি দিছিল । এই প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে থাকিব নে প্ৰাদেশিকীকৰণৰ কিবা ব্যৱস্থা ল’ব বুলি মন্ত্ৰী গৰাকীক প্ৰশ্ন কৰে ।

পৰিৱৰ্তনকামী বৰ্তমান চৰকাৰে বিভিন্ন অজুহাত দেখুৱাই অসমৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান সমূহৰ প্ৰাদেশিকীকৰণৰক্ষেত্ৰত কোনো ভূমিকা এতিয়ালৈ গ্ৰহণ কৰা নাই যাৰ ফলস্বৰূপে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীবৃন্দৰ জীৱন অন্ধকাৰৰ দিশত। বিশেষকৈ সংস্কৃত টোলসমূহ প্ৰাদেশিকীকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত টোলৰ শিক্ষক কৰ্মচাৰী শংকিত হৈ পৰিছে । সংবাদ মেলত এনেদৰে কয় সভাপতি গৰাকীয়ে।

বহু শিক্ষকে ভেঞ্চাৰতে কাম কৰি অৱসৰ গ্ৰহণ কৰিলে আৰু বহু শিক্ষকৰ চাকৰি শেষ হ’বৰ হ’ল। শিক্ষক কর্মচাৰীৰ জীৱনকলৈ হেতালি খেলা বন্ধ কৰি টোল সমূহ প্ৰাদেশিকীকৰণ কৰিবলৈ শিক্ষামন্ত্ৰীক আহ্বান জনায় ।

সংবাদ মেলত আৰু কয় যে যদিহে প্ৰাদেশিকীকৰণ কৰা নহয় তেনেহলে বিভিন্ন ধৰণৰ কাৰ্যসূচী লবলৈ বাধ্য হব আৰু ইয়াত কিবা অঘটন ঘটিলে অসম চৰকাৰ দায়ী হ’ব।

উল্লেখ কৰিব পাৰি যে অসমত মুঠ ৪০০ খন ভেঞ্চাৰ সংস্কৃত টোল আছে । য’ত শিক্ষক আৰু কৰ্মচাৰীসহ মুঠ ২২৫০ গৰাকী আছে । ২০১৭ চন লৈকে অসম সংস্কৃত বর্ডে এই বিদ্যালয়সমূহৰ পৰীক্ষা চলাই আহিছিল যদিও ২০১৮ চনৰ পৰা কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ক দায়িত্ব প্ৰদান কৰে ।