গুৱাহাটী, সংবাদ ৩৬৫, ১৫ অক্টোবৰ : গাড়ীগাঁও ফুটবল ক্লাৱৰ উদ্যোগত সোমবাৰৰ পৰা গাড়ীগাও ঈদগাহ ময়দানত সদৌ অসম ভিত্তিত চতুৰ্থ বাৰ্ষিক ভৰত কলিতা সোঁৱৰণী ফুটবল খেল প্ৰতিযোগিতাৰ শুভাৰম্ভ হয়।

দেওবাৰে বিয়লি তিনি বজাত প্ৰতিযোগিতাখনিৰ শুভাৰম্ভণি কৰে বিশিষ্ট সমাজ কৰ্মী কেশৱ কলিতা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীক্ষক অভিযন্তা সঞ্জীৱ বৰুৱা, বিশিষ্ট সমাজসেৱক আলটাফ হুছেইন, ৰেল বিষয়া মুস্তাক আহমেদ আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে।

প্ৰতিযোগিতাৰ প্ৰথম খেলখন অনুষ্ঠিত হয় মেগনাম এফচি বনাম নৱজ্যোতি এফচিৰ মাজত। তীব্ৰ প্ৰতিদ্বন্দিতামূলক খেলখন গল শূণ্য ভাৱে শেষ হয় যদিও পিছত ট্ৰাইবেকাৰত মেগনাম এফচি জয়ী হয়।

উল্লেখযোগ্য যে অঞ্চলটোৰ নৱপ্ৰজন্মৰ খেলুৱৈসকলক উৎসাহ যোগোৱাৰ লক্ষ্যৰে প্ৰতিবছৰে গাড়ীগাঁও ফুটবল ক্লাৱে অনুষ্ঠিত কৰি আহিছে এই প্ৰতিযোগিতাখনিৰ।