ইউ এছ টি এমৰ সমাবৰ্তন সমাৰোহ

গুৱাহাটী, ১০ জুনঃ মেঘালয়া ইউনিভাছিটি অৱ ছাইন্স এণ্ড টেকনলজি (ইউ এছ টি এম)ৰ দ্বিতীয়টো সমাবৰ্তন সমাৰোহ বিশ্ববিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হয়৷ সমাবৰ্তন সমাৰোহত তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য প্ৰফেচৰ মিহিৰ কান্তি চৌধুৰীক ডক্টৰেট অৱ ছায়েঞ্চ আৰু মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড০ ডিডি লাপাঙক ডি লিট সন্মানেৰে সন্মানিত কৰা হয়৷ মিহিৰ কান্তি চৌধুৰীয়ে ৰাসায়ন বিজ্ঞান গৱেষনাৰ ক্ষেত্ৰত ছাত্ৰ সমাজলৈ আগবঢ়োৱা অনবদ্য অৱদান আৰু ড০ ডিডি লাপাঙে উত্তৰ-পূৰ্বাঞ্চলৰ সামাজিক-অৰ্থনৈতিক বিকাশত আগবঢ়োৱা অবদানৰ কাৰণে এই সন্মান আগবঢ়োৱা হৈছে৷  অনুষ্ঠানটোত বানাৰচ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেচৰ গিৰিশ চন্দ্ৰ ত্ৰিপাঠী, কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য প্ৰফেচৰ আশোতষ ঘোষ, মুম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য প্ৰফেচৰ সঞ্জয় দেশমুখকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ ইউ এছ টি এমৰ আচাৰ্য্য মহবুবুল হকে দেশৰ শীৰ্ষস্থানৰ তথা তিনিখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য একেখন মঞ্চত উপস্থিত থাকি মঞ্চৰ শোভাবৰ্দ্ধন কৰাৰ লগতে নিজৰ অমূল্য অভিজ্ঞতা তথা বিচাৰ সমূহ আদান-প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক শৈক্ষিক দিশত আগবাঢ়ি যোৱাত উপকৃত কৰিব বুলি মন্তব্য কৰে৷ কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য প্ৰফেচৰ আশোতষ ঘোষে ভাষণ প্ৰসংগত কয় যে, নতুনকৈ ডিগ্ৰীধাৰী সকলোবোৰ শিক্ষাৰ্থীয়ে অলপ পিছতে এখন নতুন তথা আচল পৃথিৱীত ভৰি থ’ব৷ এই পৃথিৱীত নানান ঘাট-প্ৰতিঘাট নেওঁচি সফলতা লাভ কৰিবলৈ শিক্ষাৰ্থীসকলৰ যথেষ্ট সাহসৰ প্ৰয়োজন হ’ব৷ সমাৰোহত ইউ এছ টি এমৰ উপাচাৰ্য্য ড০ পিজি ৰাৱে কয় যে, শিক্ষাৰ্থীসকলক এই বাধা অতিক্ৰম কৰাত ইউ এছ টি এমৰ অধ্যাপক-অধ্যাপিকাই অনাগত দিনতো পথ প্ৰদৰ্শক হিচাপে আগুৱাই যোৱাত সহায় কৰিব৷ উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞান আৰু কাৰিকৰী বিশ্ববিদ্যালয় মেঘালয়া ইউনিভাছিটি অৱ ছাইন্স এণ্ড টেকনলজিয়ে ২০১১ বৰ্ষত মাত্ৰ ৬ জন শিক্ষাৰ্থীৰে নিজৰ যাত্ৰা আৰম্ভ কৰিছিল৷  বৰ্তমান এইখন বিশ্ববিদ্যালয়ত মুঠ ৩,৫০০ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে৷ বিশ্ববিদ্যালয়ৰ অধীনত মুঠ ১২৮৩ শিক্ষাৰ্থীয়ে ডিগ্ৰী লাভ কৰিছে আৰু ইয়াৰে ২০১৭ বৰ্ষৰ সমাবৰ্তন সমাৰোহত ৫৮৩ জনে ডিগ্ৰী লাভ কৰিছে৷ ৫১৮ জন স্নাতকোত্তৰ ডিগ্ৰী, ৬১ জনে স্নাতক আৰু ৪ জনে পি এইছ ডি ডিগ্ৰী লাভ কৰিছে৷