গুৱাহাটী, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ : প্ৰত্যেক বছৰৰ দৰে এইবছৰো নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত সাংবাদিকৰ সৈতে ভাব বিনিময় কৰে অসম গণ পৰিষদে। অসম গণ পৰিষদৰ আমবাৰীস্থিতি কাৰ্য্যালয়ত কৃষিমন্ত্ৰী অতুল বৰাই আগন্তুক নৱবৰ্ষই যাতে অসমবাসীৰ বাবে সুখ-শান্তি কঢ়িয়াই আনে তাৰবাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায়।

অনুষ্ঠানটোত সংবাদ মাধ্যমক কটাক্ষ কৰি মন্ত্ৰী অতুল বৰাই কয় যে, “কা”ৰ বিৰোধিতা কৰা স্বত্তেও সংবাদ মাধ্যমে দলৰ সপক্ষে আৰু বিপক্ষে সংবাদ প্ৰচাৰ কৰি আহিছে।

সংবাদ মাধ্যমৰ আগত মন্ত্ৰী অতুল বৰাই কয় যে অসমত হোৱা দীঘলীয়া আন্দোলনত ৮৫৫ জন শ্বহীদ হোৱাৰ ফলত অসম গণ পৰিষদৰ জন্ম হৈছে। গতিকে কেতিয়াও খিলঞ্জীয়াৰ অহিত চিন্তা নকৰে এই দলে । আহি থকা বৰ্ষত নৱ প্ৰজন্মক অগ্ৰাধিকাৰ দিয়াৰ কথাও সদৰী কৰে মন্ত্ৰী বৰাই।

সাংবাদিকে বিজেপিৰ শান্তি সমদলত অংশগ্ৰহণ নকৰাৰ ওপৰত সোধা এক প্ৰশ্নৰ উত্তৰত অতুল বৰাই কয় যে ,এইয়া বিজেপিৰ শান্তি সমদল নহয়। মিত্ৰজোঁটৰহে শান্তি সমদল।

ইফালে অসম গণ পৰিষদৰ মাজত হোৱা অন্তকন্দলৰ সন্দৰ্ভত বৰাই কয় যে, সাধাৰণ পৰিষদৰ সভাতে নেতৃত্বৰ পৰিৱৰ্তন হয়। একাংশ অপশক্তিয়ে অসম গণ পৰিষদক দুৰ্নাম কৰিব বিচাৰিছে।

কেশৱ মহন্তই “কা”ৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে “কা”ৰ বিৰোধিতা অগপই আগৰে পৰা কৰি আছে। অগপৰ মূল মন্ত্ৰ ঐক্য, শান্তি, প্ৰগতি । এই পথৰেই অগপই আগবাঢ়ি যাব।