গুৱাহাটী, সংবাদ ৩৬৫, ২৮ ডিচেম্বৰ : খানাপাৰাত উপস্থিত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী। খানাপাৰাত উপস্থিত হৈ বিশাল জনসভাত অংশগ্ৰহণ নেতাগৰাকীৰ । জনসভাত সমবেত হৈছে হাজাৰ হাজাৰ লোক। ৰাহুল গান্ধীক আদৰণি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে গৌৰৱ গগৈ, ৰিপুন বৰাকে ধৰি কেইবাগৰাকীও কংগ্ৰেছী নেতাই ।

পোন্ধৰ বছৰ পূৰ্বে অসমলৈ আহোতে একো জনা নাছিলো, আপোনালোকে মোক অসমৰ কথা, ভাষা-সংস্কৃতিৰ কথা, মহাপুৰুষৰ কথা ক’লে। সভাত সমবেত হোৱা বিশাল জনতাক উদ্দেশ্যি এনেদৰে ক’লে ৰাহুল গান্ধীয়ে।

মই মৰ্মাহত যে বিজেপিৰ নেতাই অসমখন পুনৰ হিংসাৰ পথেৰে আগবঢ়াই নিছে। মই ৰাজনৈতিক ভাষণ দিবলৈ অহা নাই, সুখ-দুখৰ সমভাগী হ’বলৈহে আহিছো।

সমগ্ৰ দেশতেই বিজেপিয়ে ঘৃণা প্ৰসাৰিত কৰিছে । ঘৃণা, ক্ষোভেৰে অসম প্ৰগতিৰ পথত আগবাঢ়িব বুলি আপোনালোকে নাভাবিব। জনতাক উদ্দেশ্যি ৰাহুল গান্ধীৰ এই মন্তব্য ।