নিউজ ডেস্ক : আহমদীয়া মুছলিম জামাত (Ahmadiya Muslim Jamat) ভাৰতবৰ্ষৰ তৰফৰ পৰা সমূহ দেশবাসীক গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জনোৱাৰ লগতে কয় যে ২৬ জানুৱাৰীৰ এই ঐতিহাসিক দিন ভাৰতবৰ্ষৰ উন্নতিৰ ভিত্তি স্থাপন কৰে। আজিৰ পৰা ৭৪ বছৰ আগতে ভাৰত স্বাধীন হোৱাৰ আঢ়ৈ বছৰ পিছত ১৯৫০ চনত দেশত গণতন্ত্ৰৰ বিধি পালন হোৱাৰ ঘোষণা হয়।

ভাৰতবৰ্ষক এইটো গৌৰৱ অৰ্জন আছে যে স্বাধীনতাৰ ফালৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ সকলতকৈ বৃহত্তম গণতান্ত্ৰিক ৰাষ্ট্ৰ। যত সকলো ধৰ্ম, বৰ্ণ নিৰ্বিশেষে বিভিন্ন ভাষা ভাষি সংস্কৃতিৰ মানুহ একত্ৰিত হৈ বসবাস কৰে। আহমদীয়া মুছলিম জামাতৰ বিশ্বব্যাপী আধ্যাত্মিক খলিফা হজৰত মিৰ্জা মাছৰুৰ আহমদ চাহাবে ২০১২ চনত সম্বোধন কৰি কয় যে হজৰত মহম্মদ মুস্তফা (ছাঃ) য়ে এইটো শিক্ষা প্ৰদান কৰিছিল যে দেশৰ লগত ভালপোৱা ঈমানৰ (বিশ্বাস) অংগ।

সেয়েহে ইছলাম ধৰ্ম নিজৰ মান্যকাৰী সকলৰ পৰা নিজৰ দেশৰ লগত প্ৰেম ভালপোৱা কৰাটো বিচাৰে। আহমদীয়া মুছলিম জামাতৰ প্ৰবক্তা কে তাৰিকে কয় যে আহমদীয়া মুছলিম জামাতৰ এইটো শিক্ষা যে ঈশ্বৰ আৰু ইছলামক ভালপোৱাৰ প্ৰথম চৰ্তটোৱেই হ’ল নিজৰ দেশৰ লগত প্ৰেম কৰা। এইটো স্পষ্ট যে ঈশ্বৰপ্ৰেম আৰু দেশপ্ৰেমৰ মাজত কোনো সংঘৰ্ষ হ’ব নোৱাৰে।

সেই কাৰণেই ইছলামত এয়া বাধ্যতামূলক কৰি দিছে যে এজন মুছলমান নিজৰ দেশৰ লগত আনুগত্যৰ উচ্চ স্থান লাভ কৰাৰ কাৰণে চেষ্টা কৰিব লাগে।। কিয়নো এনেকুৱা কৰিলে ঈশ্বৰৰ সান্নিধ্য লাভ হয়। আহমদীয়া মুছলিম জামাতে আহমদীয়া জামাতৰ বিশ্বব্যাপী আধ্যাত্মিক খলিফাৰ উপদেশ পালন কৰি দেশৰ প্ৰতি প্ৰেম শ্ৰদ্ধা প্ৰতিষ্ঠা কৰাৰ কাৰণে অনুপ্রাণিত হৈছে।