গুৱাহাটী : গণৰাজ্য দিৱসৰ লগতে আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা (Saraswati Puja)। শিক্ষানুষ্ঠান সমূহত দেখা গ’ল উখল-মাখল পৰিৱেশ। শিক্ষানুষ্ঠান সমূহত উপস্থিত থাকি বিদ্যাৰ দেৱীৰ আশীষ ললে ছাত্ৰ-ছাত্ৰী সকলে।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰী গুৱাহাটীত গণৰাজ্য দিৱসৰ লগতে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজাৰ ব্যাপক আয়োজন। মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত সৰস্বতী পূজাকলৈ দেখিবলৈ পোৱা যায় উখল-মাখল পৰিৱেশ। পুৱাৰে পৰা মহানগৰীৰ শিক্ষানুষ্ঠান সমূহত আয়োজন কৰা সৰস্বতী পূজাত শিক্ষাৰ্থী সকলৰ অংশগ্ৰহণ দেখিবলৈ পোৱা যায়। পুৱাৰ ভাগৰে পৰা শিক্ষাৰ্থী সকল নিজ নিজ শিক্ষানুষ্ঠান উপস্থিত হৈ বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক পূজা আগবঢ়াই সেৱা জনাই দেৱীৰ আশীষ লয়।

উল্লেখ্য যে পূৰ্বৰ দুবছৰ ক’ভিডৰ ফলত অনুষ্টু‌পীয়াকৈ সৰস্বতী পূজাৰ আয়োজন কৰা হৈছিল যদিও এইবাৰ পৰিস্থিতি উন্নত হোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত দেখিবলৈ পোৱা যায় ব্যাপক উৎসাহ। ছাত্ৰ-ছাত্ৰী সকলৰ লগতে বিদ্যালয় সমূহত শিক্ষক-শিক্ষয়িত্ৰী সকলো সৰস্বতী পূজাৰ আয়োজনত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা যায়।